জৈৱিক ক্ষয় শক্তিসম্পন্ন পদাৰ্থ বিকশিত কৰা লক্ষ্যৰে এন আৰ এল আৰু আই আই টি গুৱাহাটীৰ সহযোগত যৌথভাৱে বহনক্ষম সামগ্ৰীৰ বাবে গুৱাহাটী আই আই টি চৌহদত এন আৰ এলে চেণ্টাৰ অ’ৱ এক্সিলেন্স স্থাপন কৰে৷
১৪ ফেব্ৰুৱাৰীত আই আই টি গুৱাহাটীৰ সঞ্চালক টি.জি.সীতাৰাম আৰু এন আৰ এল পৰিচালন সঞ্চালক এছ কে বৰুৱাৰ উপস্থিতিত কেন্দ্ৰ চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী মাননীয় ড° ৰমেশ পোখৰীয়ালে বহন ক্ষম সামগ্ৰীৰ বাবে এন আৰ এল চেণ্টাৰ অ’ৱ এক্সিলেন্স উদ্বোধন কৰে ৷ এন আৰ এল শোধনাগাৰ আৰু জৈৱ শোধানাগাৰ পৰা উৎপন্ন জৈৱিক ক্ষয়শক্তিসম্পন্ন প্লাষ্টিকৰ বিকশিকৰণৰ প্ৰথমটো কেন্দ্ৰ হিচাপে চিহ্নিত হ’ব ৷
চাৰি কোটি টকা কেমিকেল ইঞ্জীনিয়াৰিং বিভাগক চি অ ইয়ে অনুদান আগবঢ়ায়৷ এই প্ৰকল্পই জৈৱিক ক্ষয়শক্তিসম্পন্ন অৱশিষ্ট পদাৰ্থৰ পৰা ফ্লিম গেড প’লী ( ই-কেপ্ৰ’লেটন ) ৰ পাইলট স্তৰ উৎপাদন কৰাৰ সুবিধা সমৃদ্ধ কৰিব৷
এই কেন্দ্ৰটো পেট্ৰ’লিয়াম উদ্যোগসমূহ জৈৱ শোধনাগাৰ আৰু কৃষি উদ্যোগৰ দৰে বহুমুখী খণ্ডৰ পৰা উৎপন্ন বিভিন্ন অৱশিষ্ট আৰু বৰ্জ্য সামগ্ৰীৰ পৰা বহনক্ষম সামগ্ৰী উৎপাদনৰ প্ৰথমটো শৈক্ষিক ঔদ্যোগিক সহযোগী উপক্ৰম ৷
এন আৰ এলে চেণ্টাৰ অৱ এক্সিলেণ্স স্থাপন কৰিলে
