নুমলীগড় শোধানাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই আজি অসম বিধানসভাৰ মুখ্যমন্ত্ৰী কাৰ্য্যালয় কক্ষত ২০১৯ -২০ বিত্তীয় বৰ্ষৰ প্ৰথম অন্তৰ্ৱতীকালীন লভ্যাংশৰ সৰ্বমুঠ ১৩৬.২৩কোটি টকাৰ এখন চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে।
বিত্তীয় বৰ্ষৰ ডিচেম্বৰলৈ এই লভ্যাংশ সৰ্বমুঠ ৯মাহৰ।উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰ লিমিটেডত ৰাজ্য তথা চৰকাৰৰ ১২.৩৫ শতাংশ ইকুইটিৰ বিপৰীতে এই লভ্যাংশৰ পুঁজি আগবঢ়োৱা হৈছে ।
২০২০ বৰ্ষৰ ৩১ মাৰ্চত চলিত বিত্তীয় বৰ্ষৰ অন্ত পৰাৰ পিছত নুমলীগড় শোধনাগাৰ লিমিটেডৰ ব’ডৰ মিটিঙত চুড়ান্ত লভ্যাংশৰ পুঁজি নিৰ্দ্ধাৰণ কৰা হ’ব।আজিৰ এই লভ্যাংশৰ চেক ৰাজ্য চৰকাৰলৈ প্ৰদানৰ সময়ত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,আয়ুক্ত সচিব কে কে দ্বিবেদী, এন আৰ এলৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত আছিল।
এন আৰ এলে ৰাজ্য চৰকাৰলৈ প্ৰদান কৰিলে অন্তৰ্ৱতীকালীন লভ্যাংশৰ পুঁজি
