এন আৰ এলৰ উদ্যোগত স্বচ্ছতা পষেক অনুষ্ঠিত

১জুলাইৰ পৰা ১৫জুলাইলৈ এন আৰ এলৰ উদ্যোগত স্বচ্ছতা পষেক অনুষ্ঠিত হয়। স্বচ্ছ ভাৰত মিছনৰ উদ্যোগত আৰম্ভ হোৱা এই সজাগতামূলক পষেক ডিজিটেল প্লেটফৰ্মৰ মাধ্যমেৰে প্ৰচাৰ হয়।
 
 
 
এন আৰ এলৰ নুমলীগড়স্থিত শোধনাগাৰ আৰু চিলিগুৰিস্থিত মাৰ্কেটিং টাৰ্মিনেলৰ সমীপৱৰ্তী অঞ্চলসমূহৰ বজাৰ সমূহত ব্যাপক স্বচ্ছতা অভিযান আৰম্ভ কৰা হয়। ইয়াৰ লগতে কিছুমান সামুহিক স্থান যেনে পংকা পাব্লিক হেল্থ চৌহদ, চৰকাৰী কাৰ্যালয় আৰু স্কুল চৌহদত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়।
 
 
আনহাতে গোলাঘাট পৌৰসভাৰ চাফাইকৰ্মী সকলৰ মাজত পুনৰ ব্যৱহাৰযোগ্য মাস্ক, চাবোন, চেনিটাইজাৰ আৰু পি পি ই কিট বিতৰণ কৰা হয়। পষেকৰ মাজত দুখনকৈ ৱেবিনাৰ অনুষ্ঠিত কৰা হয়। প্ৰথমখন ৮জুলাইত আৰু দ্বিতীয়খন ১৩জুলাইত অনুষ্ঠিত কৰা হয়। প্ৰথমখনৰ বিষয়বস্তু আছিল এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ কমকৈ কৰা। আৰু দ্বিতীয় খনৰ বিষয়বস্তু আছিল ছ’লিড ৱেষ্ট মেনেজমেণ্টৰ ওপৰত অনুষ্ঠিত কৰা হয়। ৱেবিনাৰ দুখনত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়।
 
 
উল্লেখযোগ্য যে এন আৰ এলে কোম্পানীটোৰ স্বচ্ছ বিদ্যালয় অভিযানৰ অংশৰূপে গোলাঘাট জিলাৰ বিভিন্ন শৈক্ষিক অনুষ্ঠানত অনাময় ব্যৱস্থাৰ সুবিধা উপলব্ধ কৰোৱাৰ লগতে ইউ ভি প্ৰযুক্তিৰে সমৃদ্ধ সৌৰশক্তি চালিত ৱাটাৰ পাম্পৰ ব্যৱহাৰেৰে খোৱাপানীৰ সুচল ব্যৱস্থা কৰি আহিছে।

Comments (0)
Add Comment