ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কুৱাদ্ৰোণ এন চি চি ইউনিটৰ জুনিয়ৰ ডিভিজনৰ অধীনস্থ গুডউইন স্কুলৰ কেডেটৰ এটা দলে কামৰূপ জিলাৰ বানাক্ৰান্ত অঞ্চল হিচাপে পৰিচিত হাজো কলিতাকুছিত ৩ জুলাইত বান সাহায্য বিতৰণ কৰে । ইউনিটৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন ৰাজীৱ বিষয়ৰ তত্বাৱধানত যোৱা কেডেটৰ দলটোৱে কলিতাকুছিত দুর্গত ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ ৪৫০ টা টোপোলা বিতৰণ কৰে । আনহাতে দলটোৱে বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লোৱাৰ লগতে বানপানী হলে লবলগীয়া সাৱধানতা সন্দৰ্ভত মত বিনিময় কৰে।
এন চি চিৰ বায়ু শাখাৰ জুনিয়ৰ কেডেটৰ উদ্যোগত বানাক্ৰান্তক খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ
