এন বি এফ চি ইক’ ফাইনেন্স আৰু অমৰ শক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ পহিলা মাৰ্চৰ পৰা মেগা লোন ৰিষ্টাকচাৰিং মেলা

ঋণগ্ৰহণকাৰী সকলৰ সুবিধার্থে অসমৰ অন্যতম অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান চমুকৈ এন বি এফ চি ইক’ ফাইনেন্স “অমৰ শক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্রিজ লিমিটেড” -এ পহিলা মাৰ্চৰ পৰা ৩১ মার্চলৈ এক মাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে এক মেগা লোন ৰিষ্ট্রাকচাৰিং মেলা। আজি গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে ইক’ ফাইনেন্সৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে। সংবাদ মেলত কুমাৰ গৌৰৱে কয় “ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লোন ৰিষ্ট্রাকচাৰিঙৰ অধীনত আমাৰ ঋণগ্ৰহণকাৰীসকলৰ বাবে আমি এক উত্তম আঁচনি গঠন কৰিছো, য’ত তেওঁলোকে জৰিমনা আৰু শাস্তিমূলক সুতত ৫০% ৰেহাই লাভ কৰিব পাৰিব। একে সময়তে নতুন ঋণৰ সৈতে ঋণৰ ধনৰাশি ৰিষ্ট্রাকচাৰিং কৰাৰ পিচত ঋণগ্রহণকাৰীয়ে ৪% কম সুদৰ হাৰত ঋণ লাভ কৰিব, যিয়ে তেওঁলোকৰ ধন ৰাহি কৰাত সহায় কৰিব । যদিহে কোনোৱে ইচ্ছাকৃতভাৱে আগবাঢ়ি নাহে আৰু গ্ৰহণ কৰা ধনৰাশি সময়ত আদায় নিদিয়ে, তেন্তে এনে ইচ্ছাকৃতভাৱে ধন আদায় নিদিয়া ব্যক্তিৰ বিৰুদ্ধে এন বি এফ চি হিচাপে ইক’ ফাইনেন্সে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে ইক’ ফাইনেন্সৰ চি জি এম ৰমেন কলিতা আৰু প্ৰাঞ্জল মজুমদাৰক এই আঁচনি নিয়াৰিকৈ চলাই নিয়াৰ দায়িত্ব অর্পণ কৰা হৈছে বুলি কুমাৰ গৌৰৱে সদৰি কৰে ।

Comments (0)
Add Comment