ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱ জন্মোৎসৱ উদযাপন

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষ শংকৰদেৱৰ আজি ৫৭২ সংখ্যক জন্ম জয়ন্তী।ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰসমূহত উদযাপিত হৈছে গুৰু জনাৰ জন্মোৎসৱ।যোৰহাট জিলাৰ পূব প্ৰান্তৰ মহাপুৰুষ মাধবদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মহাপুৰুষ জনাৰ জন্ম জয়ন্তী।
 
 
পুৱাৰে পৰা হৰি নামৰ ধ্বনিত মুখৰিত বৰনামঘৰ প্ৰাংগন ‌। ক’ভিড প্ৰ’টকল কঠোৰ ভাৱে বলবৎ কৰা বৰনামঘৰলৈ ভক্তৰ সমাগম তুলনামূলকভাৱে পূৰ্বৰ তুলনাত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।তৎসত্বেও অনুষ্টুপীয়াকৈ হ’লেও পুৱা উষা কীৰ্ত্তন,ভাগৱত ভ্ৰমণ,দিহানামৰ ধ্বনিয়ে মুখৰিত হৈ পৰিছে নামঘৰৰ পৰিবেশ।
 
 
লগতে মাধৱদেৱ গুৰুজনাই নিজে প্ৰজ্বলন কৰা অক্ষয় বন্তিৰ পৰা সকলোৰে মংগলৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে। উল্লেখযোগ্য যে অসম, ভাৰত তথা ভাৰতৰ বাহিৰৰ ভক্তসকলকো অনলাইন যোগে বৰনামঘৰৰ ফালৰ পৰা আশীৰ্বাদ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।

Comments (0)
Add Comment