ওজা হেমচন্দ্ৰ বিদ্যালয় আৰু ভাস্কৰ নগৰত বন বিভাগৰ উদ্যোগত গছপুলি ৰোপন

ওজা হেমচন্দ্ৰ বিদ্যালয় আৰু ভাস্কৰ নগৰত  বন বিভাগৰ  উদ্যোগত গছপুলি ৰোপন

বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলে সংমণ্ডলৰ অধীনৰ পাঁচটা বনাঞ্চলিক বিষয়া , কুৰিটাৰো অধিক খণ্ড বন বিষয়াৰ কাৰ্যালয় , বন শিবিৰৰ জৰিয়তে গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীৰ নিৰ্দেশত বৰঝাৰ বিমান বন্দৰৰ পৰা খানাপাৰালৈ ক’ভিড বিধি মানি ৰাজহুৱা স্থান , পথৰ দাঁতিত , পথৰ মাজৰ ডিভাইদাৰ ,ভি চৰকাৰী- বেচৰকাৰী কাৰ্যালয় চৌহদ , শিক্ষানুষ্ঠান চৌহদ আদিত গছপুলি ৰোপন অভিযান চলাই থকা হৈছে । এই অভিযানৰ অংশহিচাপে ২ জুলাইত নিউ গুৱাহাটী ৰেলৱে কলনীৰ ওজা হেমচন্দ্ৰ বিদ্যালয় চৌহদ আৰু ভাস্কৰ নগৰত বিভিন্ন থলুৱা প্ৰজাতিৰ প্ৰায় ২০০ টা গছপুলি ৰোপন কৰা হয় । বিশিষ্ট সমাজসেৱক অকনি ভট্টাচাৰ্যৰ সহযোগত স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা আৰু বিশিষ্টা লেখিকা ডঃ সীমা বৰাই । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই গুৱাহাটীক সেউজকৰণৰ বাবে চলি থকা গছপুলি ৰোপন কাৰ্যসূচীৰ আলোকপাত কৰি ৰাইজক গছপুলি ৰোপনৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত অকনি ভট্টাচাৰ্য , ডঃ সীমা বৰাকে ধৰি কেবাজনেও ভাষণত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপন অভিযানত বন বিভাগক সহযোগ কৰিব বুলি ব্যক্ত কৰে।
বাতৰি যুগুতালে জিতুমনি দাসে

Comments (0)
Add Comment