স্বাস্থ্য বিভাগৰ অসম সামূহিক নিৰীক্ষণ আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ প্ৰত্যেক গাঁৱতে ঘৰে ঘৰে গৈ ক’ভিড ১৯ প্ৰতিৰোধৰ বাবে সমূহীয়া নিৰীক্ষণৰ কাম কৰে। ৭ মে’ৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অধীনত এইপৰ্যন্ত জিলাখনৰ মুঠ ৮০২ খন ৰাজহ গাঁৱৰ ভিতৰত ৫৭৪ গাঁৱৰ ৬,৬৮৫৭১ জন লোকক সামৰি লোৱা হৈছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ অধীনত ৩৪ টা নিৰীক্ষণকাৰী দলে এই কাৰ্য্যসূচী ৰূপায়ন কৰি আছে। এই পৰ্যন্ত ২৯৯০ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে ভিতৰত ৭৬৪ গৰাকী জ্বৰত আক্ৰান্ত আৰু ১২৬ গৰাকী ইনফ্লুৱেঞ্জা সদৃশ ৰোগত আক্ৰান্ত। ৩৬৮ গৰাকীৰ মেলেৰিয়া পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰাৰ বিপৰীতে ৫৪৩ গৰাকীৰ ৰেপিড ডাইগ’নেষ্টিক কিটৰ জৰিয়তে মেলেৰীয়া পৰীক্ষা কৰা হৈছে। আনহাতে ক’ভিদ ১৯ ৰ সন্দেহত ১১৮ টা নমুনা সংগ্ৰহ কৰা হৈছে।
ওদালগুৰিত ৫৭৪খন গাঁৱত স্বাস্থ্যপৰীক্ষা সম্পন্ন
