সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত আৰু অকণিৰ সাহিত্য সভাৰ সহযোগত সাগৰ দেখিছাৰ কবি দেৱকান্ত বৰুৱাৰ ১০৭ সংখ্যক ওপজাদিনটি নগাঁও জিলাৰ ফৌজদাৰীপট্টিত বাসভৱনত কালি উদযাপন হয় । কবিগৰাকীৰ একালৰ বাসভৱনৰ চোতালত সোমবাৰে দিনৰ এক বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিৰ সঞ্চালনা কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দিলীপ কুমাৰ নাথে । অকণিৰ সাহিত্য সভাৰ পৰিচালন সম্পাদক দুলাল বৰাৰ আদৰণি বক্তব্যৰ পাছত অধুনালুপ্ত জ্যোতিৰিংগন আলোচনীৰ মুখ্য সম্পাদক ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া, সঞ্জীৱ সাগৰ চৌধুৰী, কবিতা বৰা, মুকুল চন্দ্ৰ বৰা, দিজেন্দ্ৰ নাথ হাজৰিকা, বিশিষ্ট অনুবাদক তথা কবি হৰিকান্ত গোস্বামী, কৰবী শইকীয়া, জেউতি হাজৰিকা, মধু চৌধুৰী, ৰাতুল শৰ্মা, দেৱযানী শৰ্মা পাঠক, ইমদাদ হুছেইন, নিৰলা ইংহিপি, বৰ্ণালী ডেকা, আকাশবাণী নগাঁও কেন্দ্ৰৰ ঘোষক ৰাহুল দেৱ বৰদলৈ, হিৰন্ময়ী মেধি, দীপিকা ভূঞা প্ৰমূখ্যে প্ৰায় দুকুৰি কবিয়ে দেৱকান্ত বৰুৱাক সোঁৱৰি কবিতাৰ পাঠ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন ভানু আৰু নতুন কবিতাৰ সম্পাদক মদাৰজ্যোতিয়ে ।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..
ওপজা দিনত সোঁৱৰণ কৰিলে কবি দেৱকান্ত বৰুৱাক
