ঔটেঙা, টেঙামৰা ব্যৱসায়েৰে আৰ্দশনীয় কাম কৰিছে এগৰাকী যুৱতীয়ে

ঔটেঙা, টেঙামৰা ব্যৱসায়েৰে আৰ্দশনীয় কাম কৰিছে এগৰাকী যুৱতীয়ে

WhatsApp Image 2017-11-26 at 5.08.53 PM

যি সময়ত একাংশ নৱ প্ৰজন্মই থলুৱা খাদ্য সম্ভাৰৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰি বাহিৰৰ খাদ্য সম্ভাৰক আঁকোৱালি লৈছে। সেই সময়তে এগৰাকী অসমীয়া যুৱতীয়ে বিদেশত Project Ou tenga (ঔটেঙা) নামৰ এখন কেফেৰ জৰিয়তে থলুৱা খাদ্য বস্তুক এক নতুন মাত্ৰা প্ৰদান কৰি গ্ৰাহকলৈ আগবঢ়াইছে। বানে গৰকা ধেমাজীৰ জীয়ৰী কাব্যশ্ৰী বৰগোহাঁয়ে গুজৰাটৰ আহমেদাবাদত এনে এখন কেফে খুলিছে, যি খন কেফেত উত্তৰ পূবৰ সকলো ৰেচেপিক Twist দি নতুনত্বৰ সোৱাদ দিব চেষ্টা কৰিছে।

কি দৰে আহিল কাব্যশ্ৰী মনত ধাৰণা?

WhatsApp Image 2017-11-26 at 5.09.58 PM

সৰুৰে পৰা নিজৰ ভাষা, সংস্কৃতি, খাদ্যক ভালপোৱা কাব্যশ্ৰীয়ে আজিৰ পৰা তিনি বছৰৰ আগতে গুজৰাটলৈ গৈছিল‌। উদ্দেশ্য আছিল National Institute of design ত ষ্টেটিজি ডিজাইন মেনেজমেণ্ট অধ্যয়নৰ কৰা। অধ্যয়নৰ অন্তত বুজি উঠিছিল যে থলুৱা খাদ্য সম্ভাৰৰ বহুতো গুণাগুণ‌ আছে, আৰু থলুৱা খাদ্যই বৰ্হি বজাৰ দখল কৰিবলৈ হ’লে অলপমান ব্যতিক্ৰম ধৰণে উপস্থাপন কৰিব লাগিব। ইয়াৰে চিন্তাৰ ফচল প্ৰজেক্ট ঔ টেঙাত।

প্ৰজেক্ট ঔ টেঙাত কি কি উপলব্ধ?

WhatsApp Image 2017-11-26 at 5.09.14 PM

সচৰাচৰ লোকেল ৰেষ্টুৰেণ্ট, হোটেলত নোপোৱা কিছুমান বস্তু প্ৰজেক্ট ঔ টেঙাত উপলব্ধ‌। এই ধৰক ঔ টেঙা, টেঙামৰা, খৰিচা, ক’লাবাও, শিলিখা, অমৰা, আমলখি। কাব্যশ্ৰীয়ে ক’লে প্ৰজেক্ট ঔ টেঙাত পোৱা টেঙামৰাৰ চাহ গুজৰাটৰ এতিয়া খুবেই জনপ্ৰিয়।

অসমৰ খাদ্যক কি দৰে আগবঢ়াইছে গ্ৰাহকক

কাব্যশ্ৰীয়ে nefocous.com ৰ আগত প্ৰকাশ কৰে যে, ঔ টেঙাৰ জুচ, অম্বৰ অথবা সজাই বিভিন্ন ধৰণে গ্ৰাহকলৈ আগবঢ়াইছে। ইয়াত কেৱল অসমৰেই নহয় সমগ্ৰ উত্তৰ পূবৰ খাদ্য উপলব্ধ। উল্লেখযোগ্য যে কাব্যশ্ৰীৰ এই কামত মণিপুৰী এজন বন্ধুৱে সহযোগ কৰিছে। গুজৰাটৰ দৰে এখন ব্যৱসায়িক ভাবে সুপ্ৰতিষ্ঠিত চহৰত উত্তৰ পূবৰ থলুৱা খাদ্য সম্ভাৰ লৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো নিসন্দেহ আদৰণীয়।

সহযোগ কৰিলে ধেমাজীৰ পৰা বিজেন শৰ্মাই

Comments (0)
Add Comment