ঔষধি উদ্ভিদ অসমীয়া আঙুৰৰ সন্ধান লাভ

ঔষধি উদ্ভিদ অসমীয়া আঙুৰৰ সন্ধান লাভ

WhatsApp Image 2018-02-24 at 4.53.52 PM

এবিধ নতুন উদ্ভিদ। উদ্ভিদ বিধত হেনো ফলো লাগে ঠিক পনিয়লৰ দৰে ..। অসমীয়া আঙুৰ হিচাপে নামাকৰণ লাভ কৰা উদ্ভিদ বিধৰ সন্ধান পোৱা গৈছে তিনিচুকীয়া জিলাৰ বৰজান আৰু পদুমনিৰ সংৰক্ষিত বনাঞ্চলত। এই কথা প্ৰকাশ পাইছে টাইৱানৰ পৰা প্ৰকাশিত এখন আলোচনীত। আলোচনীখনত প্ৰকাশ পোৱা খবৰৰ ভিত্তিত সন্ধান কৰি বিচাৰি উলিয়াইছিলো সেই বিশেষ ব্যক্তিজনক। যিজন ব্যক্তিয়ে এই বিশেষ উদ্ভিদ বিধৰ সন্ধান উলিয়াইছিল। তেখেত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা সঞ্জীৱ বৰুৱা। এই ক্ষেত্ৰত তেখেতৰ দুজন সহযোগীয়ে উদ্ভিদ বিধক আৱিস্কাৰ কৰাত সহায় কৰিছিল।

WhatsApp Image 2018-02-24 at 6.45.26 PM

এই সম্পৰ্কে সঞ্জীৱ বৰুৱাই Nefocus.comৰ আগত এনেদৰে কয়…উদ্ভিদ বিজ্ঞানৰ প্ৰবক্তা হিচাপে আমি সদায় ন ন উদ্ভিদ গৱেষণামূলক কামত ব্যস্ত থাকো। তেনে গৱেষণামূলক কামৰ ফচল হিচাপে উদ্ভিদ বিধৰ সন্ধান লাভ কৰো। উদ্ভিদ বিধ লতা জাতীয়, উচ্চতা প্ৰায় ১৫ ফুট মান হয়। ফলবিধৰ সোৱাদ অলপ টেঙা আৰু অলপ মিঠা। উল্লেখযোগ্য যে উদ্ভিদ জোপাৰ ঔষধিমূলক গুণাগুণৰ সম্পৰ্কে পৰীক্ষা নিৰীক্ষা চলি আছে। ইয়াৰ পূৰ্বে গেন্ধেলী নামৰ কেঞ্চাৰ প্ৰতিৰোধৰ উদ্ভিদবিধক আৱিস্কাৰ কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছিল। জানিব পৰা মতে, চাহ জনজাতিৰ লোক সকলৰ মাজত এইফলবিধক জংঘলী গুটি নামেৰে জনা যায়। মাজে সময়ে এই ফলবিধক তেওঁলোকে ঔষধি ফল হিচাপে ব্যৱহাৰ কৰে। স্মৰ্তব্য যে ইতিমধ্যে উদ্ভিদ বিধক সংৰক্ষণ কৰা হৈছে।

WhatsApp Image 2018-02-24 at 5.03.20 PM

প্ৰিয় পাঠক, Nefocus.comয়ে সদায় তথ্য সমৃদ্ধ, ইতিবাচক খবৰ আপোনালোকক যোগান ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি এই লেখাটোত ইতিবাচক খবৰ এস্কুচিভ ভাবে এক মাত্ৰ Nefocus.comয়ে আপোনালোকলৈ আগবঢ়ালে। এনে ধৰণৰ ইতিবাচক খবৰৰ বাবে ল’গ ইন কৰিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় নিউজ পৰ্টেল www.Nefocus.com.

সংগীতা শইকীয়া
সম্পাদিকা
Nefocus.com.

Comments (0)
Add Comment