কথাশিল্পী ইমৰান শ্বাহৰ জন্মদিন উদযাপন

কথাশিল্পী ইমৰান শ্বাহৰ জন্মদিন উদযাপন

শিৱসাগৰ জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বানত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰান শ্বাহৰ ৮৬ সংখ্যক ওপজা দিন উদযাপন কৰা হয়। আজি বিয়লি সাহিত্যিক গৰাকীৰ বাসগৃহৰ প্ৰাঙ্গণত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত শিৱসাগৰ জিলাৰ ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্যিক ইমৰান শ্বাহক সম্বধৰ্না জনোৱাৰ লগতে  শব্দ  অনুষ্ঠানৰ পৰা  শব্দ সাহিত্য বঁটা : ২০১৮  প্ৰদান কৰে। অনুষ্ঠানটোত সাহিত্যিক ইমৰান শ্বাহৰ জোনাকৰ ছবি আৰু  দোকমোকালি  নামৰ দুখন গ্ৰন্থ উন্মোচন কৰে । অনুষ্ঠানটোত কেইবাগৰাকী ব্যক্তিয়ে গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Comments (0)
Add Comment