কন্যকা কৃষি পামত প্ৰতিষ্ঠা কৰা নামঘৰ দৰ্শনাৰ্থীৰ বাবে মুকলি

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত গঢ়লৈ উঠা ভৰলী পৰীয়া কন্যকা কৃষি পামত সোমবাৰে স্থাপন কৰা নামঘৰত প্ৰতিষ্ঠা কৰা হয় গুৰু থাপনা ৷ ভৰলী পৰীয়া কন্যকা কৃষি পাম পৰিদৰ্শন কৰিবলৈ অহা লোক সকলৰ বাৱে এই নামঘৰ প্ৰতিষ্ঠা কৰা হয় বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ এতিয়াৰে পৰা কন্যকাত সকলো সময়তে এক আধ্যাত্মিক পৰিবেশ চৰ্চা হৈ থাকিব ৷ এক মুকলি পৰিবেশত, মুকলি মনৰে এই স্থানত প্ৰতিজন ব্যক্তিয়ে ভক্তিৰসত নিজকে বিলীন কৰি দিয়াৰ এক আশ্ৰয়স্থল হিচাপে লব পাৰিব ৷ কন্যকাত এখন আটক ধুনীয়া বৃদ্ধাশ্ৰম নিৰ্মাণৰো পৰিকল্পনা লোৱা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আজি পুৱা ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নামঘৰটিত স্থানীয় ভক্তপ্ৰাণ ৰাইজে থাপনা প্ৰতিষ্ঠা কৰাৰ লগতে দুপৰীয়া নামপ্ৰসংগও অনুষ্ঠিত কৰে ৷ নামঘৰত আঠুলৈ বিধায়ক গৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজৰ মঙ্গল কামনাৰ্থে ৰাইজৰ আৰ্শীৱাদ গ্ৰহণ কৰে ৷

Comments (0)
Add Comment