ৰবটৰ জৰিয়তে লাইভ অস্ত্ৰোপচাৰ কৰি চৰ্চালৈ আহিছে অসমৰ এজন চিকিৎসক। চিকিৎসক জনৰ নাম ডাঃ সুভাষ খান্না।চিকিৎসক জনে আমেৰিকা, ৰাছিয়া, স্পেইন, বাংলাদেশ আদি কৰি ৬০ খন দেশৰ চিকিৎসকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে এখন ৱেবিনাৰত তেওঁ লাইভ অস্ত্ৰোপচাৰ কৰে।ৱেবিনাৰখনত অংশগ্ৰহণ কৰা ২৫০ জন বিশেষজ্ঞ চিকিৎসকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়ে ।উল্লেখযোগ্য যে সুভাষ খান্না মহানগৰীৰ স্বাগত হাস্পিতালৰ লগত জড়িত। তেখেতে স্বাগত হাস্পতালত ‘ভাৰ্চিয়াছ ৰবটৰ’ জৰিয়তে এগৰাকী মহিলাৰোগী গোল্ড ব্লাডাৰৰ লাইভ অস্ত্ৰোপচাৰ কৰিছিল।
এই সম্পৰ্কত সুভাষ খান্নাই কয় যে ৰবটৰ জৰিয়তে তিনিৰ পৰা দহ মিটাৰ দূৰৰ পৰা অস্ত্ৰোপচাৰ কৰিব পৰাৰ সুবিধা আছে। সমগ্ৰ দেশত এনেকুৱা ১২ টা ৰবট আছে আৰু তাৰে প্ৰথমটো পুনে, দ্বিতীয়টো নাচিকৰ হাস্পতাল আৰু তৃতীয়টো গুৱাহাটীৰ স্বাগত হাস্পতালত আছে। কেম্বব্ৰীজ মেডিকেল ৰবটিস্ক, চাৰ্জিকেল ( চি এম আৰ ) কোম্পানীৰ পৰা এই ৰবটটো ভক্ৰয় কৰিছোঁ।যাৰ মূল্য হৈছে ২০ কোটি টকা।ক’ভিডৰ এই জটিল পৰিস্থিতিৰ সময়ত এই ধৰণৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তাই ৰোগীক সকাহ দিবলৈ সক্ষম হৈছে।
ক’ভিডকালীন সময়ত চিকিৎসকৰ বাবে আশাব্যঞ্জক খবৰ- চৰ্চাত অসমৰ এজন চিকিৎসক
