সমগ্ৰ দেশৰ লগতে অসমতো ক`ৰণাৰ সংক্ৰমন অব্যাহত আছে।দেওবাৰৰ দিনটোত অসমত আকৌ ১,৮৪৪জনৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।অসমত এতিয়াও ক`ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫,৪৭০জন ৰোগী।
ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্য সচিব জিষ্ণু বৰুৱা।সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য সচিব জিষ্ণু বৰুৱায় কয় যে,বৰ্তমান অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও অহা এক সপ্তাহ-দহ দিনত পৰিস্থিতি কোন ফালে গতি কৰে কোৱা টান।
যাৰ বাবে আমি সজাগ আৰু সাৱধান হোৱাৰ উপৰি চৰকাৰী গাইড লাইন মানি চলিব লাগিব। অন্যথা পৰিস্থিতি কি হ’ব কোনেও ক’ব নোৱাৰে। কিয়নো পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিলে তেতিয়া কৰাৰ একো উপায় নাথাকিব।উল্লেখযোগ্য যে তেখেতে সকলোকে ক’ভিড বিধি পালন কৰাৰ আহ্বান জনায়।
ক’ভিডক লৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা।
