দিনে দিনে ক’ভিডত আক্ৰান্ত হোৱা ৰোগী সংখ্যা বৃদ্ধি পাইছে। সেই অনুসৰি চৰকাৰে প্লাজমা দানৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছে।এই প্লাজমা দানৰ কাৰ্যসূচীৰ অংশীদাৰ হৈ সম্প্ৰতি চৰ্চাত আহিছে ডিব্ৰুগড়ৰ এটা বেচৰকাৰী সংগঠন।
ডিব্ৰুগড়ৰ সামাজিক সংস্থা মাৰোৱাৰী নাট্য সমিতিয়ে গ্ৰহণ কৰিছে এক বিশেষ প্ৰকল্প।জানিব পৰা মতে ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ সহযোগিতাত সমিতিয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্লাজমা দান কৰা সকলক সম্বৰ্ধনা জনোৱা লগতে ৫০০০ টকাকৈ অৰ্পন কৰিছে।উল্লেখযোগ্য যে ১০ছেপ্টেম্বৰ পৰা সংস্থাটোৱে প্লাজমা দান কৰা কাৰ্যসূচী গ্ৰহণ কৰিছে।ডিব্ৰুগড়ৰ এই সংস্থাটোৱে সংকট কালত গ্ৰহণ কৰা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।
ক’ভিড কালত প্লাজমা দানৰ কাৰ্যসূচী হাতত লৈছে বেচৰকাৰী সংস্থাই
