কমলপুৰ ষ্টাৰ ক্লাবৰ পদক্ষেপ

কমলপুৰ ষ্টাৰ ক্লাবে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ লাভ কৰা ২৭গৰাকী কীৰ্তিমানক আজি সম্বৰ্দ্ধনা জনায়।এই সম্বৰ্দ্ধনা অনুষ্ঠানটো সঞ্চালনা কৰে ক্লাৱৰ সভাপতি মইনুল আলীয়ে। সম্বৰ্দ্ধনা অনুষ্ঠানটোত কীৰ্তিমানসকলক উদ্দেশ্যি ভাষণ প্রদান কৰে কমলপুৰ উচ্চতৰ মাধ্যমিক উপাধ্যক্ষ চান মহম্মদ আলী আহমেদ,শংকৰ আজান শিক্ষা নিকেতনৰ অধ্যক্ষ কমল চন্দ্র ডেকা, আৰু সাংবাদিক দীপক দাসে। অনুষ্ঠানত বক্তা সকলে কীৰ্তিমানসকলক সমাজৰ একোগৰাকী সু নাগৰিক হৈ সমাজসেৱা কৰিবলৈ আহ্বান জনায়। আনহাতে কীৰ্তিমানসকলক মানপত্র, ফুলাম গামোচা, কিতাপৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনায়।এই অনুষ্ঠানত বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment