কলাক্ষেত্ৰত নিয়োগ মেলা

কলাক্ষেত্ৰত নিয়োগ মেলা

IMG-20170621-WA0055

আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত দীন দয়াল কুশল যোজনাৰ অন্তৰ্গত নিয়োগ মেলা অনুষ্ঠিত হয়। এই নিয়োগ মেলা খন উদ্বোধন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয় মন্ত্ৰী নৱ কুমাৰ দলে। তেখেতে গ্ৰামীণ জীৱিকা অভিযানে লোৱা পদক্ষেপক অতি শুভ চিন্তা বুলি মন্তব্য কৰে। ইয়াৰ জৰিয়তে নিবনুৱা সমস্যা কিছু হ’লেও দুৰীভূত হ’ব বুলি আশা প্ৰকাশ কৰে। এই নিয়োগ মেলা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহু কোম্পানীয়ে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই নিয়োগ মেলাখনত কালিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি আয়োজকে জনাইছে।

IMG-20170621-WA0054

Comments (0)
Add Comment