গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত আৰু ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ সহযোগত আজি ভাৰত চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱৰ অন্তৰ্গত কৃষকৰ খাদ্য আৰু পৰিপুষ্টি” শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিভিন্ন অঞ্চলৰ পৰা অহা প্রায় ৫০ জন কৃষক উপস্থিত থাকে। আৰম্ভণীতে কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ পৰাগ শইকীয়াই সভাৰ উদ্দ্যেশ্য বাখ্যা কৰে। কেন্দ্ৰৰ পশু বিশেষজ্ঞা ড০ ইলাক্ষী ডেকাই কৃষকৰ পৰিপুষ্টি আৰু খাদ্যৰ ওপৰত বক্তৃতা আগবঢ়ায়। কেন্দ্ৰৰ সামূহিক বিজ্ঞান বিশেষজ্ঞা মধুস্মিতা ডেকাই সুষম আহাৰ আৰু পুষ্টিকৰ বাগিছাৰ ওপৰত আলোকপাত কৰে। নৱ সুৰুয কৃষি উৎপাদক কোম্পানীৰ সহযোগত এই সভাখন অনুষ্ঠিত হয়।
কাঁহিকুছিত কৃষকৰ খাদ্য আৰু পৰিপুষ্টি শীৰ্ষক সজাগতা সভা
