কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সন্মান নিধি বিতৰণ অনুষ্ঠানত পাঁচজন প্ৰগতিশীল কৃষকক সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সন্মান নিধি বিতৰণ অনুষ্ঠানত পাঁচজন প্ৰগতিশীল কৃষকক সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৃষক সন্মান নিধিৰ ১৯ সংখ্যক কিস্তিৰ ধন আজি বিহাৰৰ ভাগলপুৰৰ পৰা দূৰ সংবেদনশীল পদ্ধতিৰে কৃষকসকলৰ মাজত পোনপটীয়াকৈ একাউন্টত হস্তান্তৰ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ সভাকক্ষত আজি প্রায় ২০০ জন কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোত ভাৰ্চুৱেল যোগে ভাগ লয় কেন্দ্ৰীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা । এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ মধুস্মিতা কটকীয়ে আঁত ধৰা অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষকৰ হিতৰ বাবে কৰা বিভিন্ন উন্নয়ণ মূলক কামৰ খতিয়ান দাঙি ধৰে। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া , আজাৰাস্থিত আই চি এ আৰ – এ টি এ আৰ আইৰ ষষ্ঠ মণ্ডলৰ সঞ্চালক ডঃ গোবিন্দস্বামী কাদ্ৰিভেল , উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃপ্ৰদীপ মহন্ত, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগ উপস্থিত থাকে। আনহাতে অনুষ্ঠানত কামৰূপ জিলাৰ পাঁচগৰাকী প্ৰগতিশীল কৃষক ক্ৰমে – প্ৰদীপ দাস, ৰুমী ডেকা, পৱন ডেকা, প্ৰভাত দাস আৰু বনমালী চৌধুৰীক তেঁওলোকে কৃষি খণ্ডৰ বিকাশত গ্ৰহণ কৰা ভূমিকাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই সম্বৰ্ধনা জনায়।

Comments (0)
Add Comment