কাজিৰঙাত উদযাপিত ব্যঘ্ৰ দিৱস

কাজিৰঙাত উদযাপিত ব্যঘ্ৰ দিৱস

IMG-20170729-WA0017

আজি গ্লবেল ব্যঘ্ৰ দিৱস। সমগ্ৰ দেশৰ লগতে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত জে দি এচ জি (JDSG) মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ, WWF আৰু ভুমি নামৰ সংগঠনৰ সহযোগত এই দিৱস উদযাপিত হয়। উল্লেখযোগ্য যে ২০০৭ চনতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যঘ্ৰ প্ৰকল্পৰ উদ্যান হিচাপে ঘোষণা কৰাৰ পাছত কাজিৰঙা উদ্যানৰ কৰ্তৃপক্ষই বিভিন্ন কাম কাজ কৰি আহিছে। এই দিৱসৰ লগত সংগতি ৰাখি আজি সজাগতামূলক সভাৰ লগতে জে দি এচ জি (JDSG) মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ আৰু মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। মনকৰিবলগীয়া যে বৰ্ত্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪ টা ঢেকীয়াপতীয়া বাঘৰ উপস্থিতিৰ উমান পোৱা গৈছে।

IMG-20170729-WA0018

খৰবটো যোগান ধৰিলে বোকাখাতৰ

দিব্যজ্যোতি হাজৰিকা

 

Comments (0)
Add Comment