কাজিৰঙা প্ৰকৃতিপ্ৰেমীৰ আদৰ্শ আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চিত হৈছে

এজন প্ৰকৃতিপ্ৰেমীৰ মানৱীয়তা ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চা লাভ কৰিছে ।কাজিৰঙাৰ বছাঁগাৱৰ মনোজ গগৈৰ প্ৰকৃতি প্ৰেমৰ বাস্তৱ কাহিনীৰে নিৰ্মিত হৈছে The man who speak nature শীৰ্ষক এখন তথ্য চিত্ৰ ।বোকাখাতৰ ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাই এই তথ্যচিত্ৰ খন প্ৰস্তুত কৰি উলিয়াইছে ।উল্লেখযোগ্য যে তথ্যচিত্ৰ খনে ব্ৰহ্মপুত্ৰ ফিল্ম ফেষ্টিভেলত  সন্মান আজুৰিবলৈ সক্ষম হৈছিল ।কাজিৰঙাৰ মনোজ গগৈয়ে দীৰ্ঘদিন বন্যপ্ৰাণী সংৰক্ষণ আৰু পক্ষী সংৰক্ষণৰ লগত জৰিত হৈ আছে ।৮মিনিট ৩০ ছেকেণ্ডত নিৰ্মাণ হোৱা তথ্য চিত্ৰখন বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।

Comments (0)
Add Comment