কাতি বিহুৰ প্ৰসংগৰে..

আজি কাতি বিহু। প্ৰতিজন অসমীয়ৰে হেঁপাহৰ বিহু। এই বিহু খেতিৰ লগত সম্পৰ্কিত।খেতিয়কে পথাৰত সোণগুটি চপাই এই উৎসৱ উদযাপন কৰে। কাতি বিহুত তুলসী তলত বন্তি প্ৰজ্বলন কৰা হয়। খেতি পথাৰত আকাশ বন্তি প্ৰজ্বলন কৰে।
 
 
 
মাজুলীৰ আউনীআটি সত্ৰতো ৩৬৭ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাতি বিহুৰ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ বাতৰি পোৱা গৈছে।জানিব পৰা মতে তুলসী পূজা নাম প্ৰসংগ কৰাৰ পাছতে আউনীআটি সত্ৰত ২১ যোৰা বন্তি প্ৰজ্বলন কৰিব। সত্ৰৰ ভক্তগণে ক’ৰণা ভাইৰাছৰ পৰা মুক্তি পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব বুলি জানিব পৰা গৈছে।
 
আনহাতে এইবাৰ দৰঙৰ বামুণপাৰা পথাৰত কাতি বিহুৰ উপলক্ষে অনুষ্ঠিত হ’ব লগীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। জানিব পৰা মতে আজি এহাজাৰ গছি চাকিৰে বামুণপাৰা পথাৰ উজলিব।

Comments (0)
Add Comment