কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লীৰ দায়িত্বভাৰ গ্ৰহণ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কীৰ্তি জল্লীয়ে আজি কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। এই উপলক্ষে আজি সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতক উষ্ম আদৰণি জনোৱাৰ উপৰিও বিদায়ী উপায়ুক্ত কৈলাশ কাৰ্তিক এনক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। জিলা উন্নয়ন আয়ুক্ত নৰসিং বেৰ সভাপত্বিত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিদায়ী উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ উদ্ভৱনীমূলক চিন্তা, কৰ্মদক্ষতা, নেতৃত্ব বহনকাৰী দক্ষতাৰ শলাগ লোৱাৰ উপৰি নৱনিযুক্ত উপায়ুক্ত কীৰ্তি জল্লীৰ কষ্টসহিষ্ণুতা, কৰ্মদক্ষতাই জিলাখনক আৰু অধিক আগুৱাই লৈ যাব বুলি আশা প্ৰকাশ কৰে।

সভাত বক্তব্য প্ৰদান কৰি বিদায়ী উপায়ুক্ত কৈলাশ কাৰ্তিক এনে বিগত দুটা বছৰে জিলা প্ৰশাসন তথা অন্যান্য বিষয়া-কৰ্মচাৰী সকলে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন উপায়ুক্তৰ বলিষ্ঠ নেতৃত্বত জিলাখনৰ বিকাশৰ গতি আৰু অধিক ত্বৰান্বিত হব বুলি আশা প্ৰকাশ কৰে।
দায়িত্ব ভাৰ গ্ৰহণ কৰি প্ৰদান কৰা বক্তব্যত জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে প্ৰতিষ্ঠান সদৃশ কৃতিত্বৰ গৰাকী বিদায়ী উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ উদ্ভাৱনী মূলক কাম-কাজ সমূহ আগুৱাই নিয়াৰ লগতে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দিহা-পৰামৰ্শৰে জিলাখনৰ সৰ্বাংগীণ বিকাশৰ বাবে উৎসৰ্গিত মনোভাৱেৰে কৰ্মত নিয়োজিত হব বুলি কয়। তেওঁ লগতে টিম কামৰূপৰ মানসিকতাৰে সকলো কাম-কাজত সহায়-সহযোগতিতা আগবঢ়োৱাৰ বাবে বিষয়া-কৰ্মচাৰী সকলক আহ্বান জনায়।

অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত জাবীৰ ৰাহুল সুৰেশকে ধৰি বিভিন্ন বিষয়া কৰ্মচাৰীয়ে বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, প্ৰণৱ দত্ত গোস্বামী, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া সকলোকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়া তথা কৰ্মচাৰী সকল উপস্থিত থাকে।

উক্ত অনুষ্ঠানৰ পিছতে “মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ আঁচনি”ৰ অধীনত জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সৰ্বশিক্ষা অভিযানৰ পৰিচালন সঞ্চালক তথা জিলাৰ অভিভাৱক সচিব ওম প্ৰকাশ, বিদায়ী উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু উপায়ুক্ত কীৰ্তি জল্লীয়ে সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত এক বৃক্ষৰোপণৰ কাৰ্যসূচীতো ভাগ লয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment