কামৰূপ মহানগৰ জিলাত অভিভাৱক মন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক-বিধায়কৰ সৈতে সমন্বয় ৰক্ষা কৰি আঁচনি ৰূপায়নৰ পৰামৰ্শ মন্ত্ৰী বৰাৰ

অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশুচিকিৎসা, অসম চুক্তি ৰূপায়ন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’য়৷ বৈঠকত চৰকাৰী বিভাগবোৰে জিলাখনত কৰি থকা কাম-কাজৰ পৰ্যালোচনা কৰা হয়৷ ত্ৰিশৰো অধিক বিভাগে পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে তেওঁলোকে জিলাখনত কৰি থকা কামবোৰৰ সবিশেষ অৱগত কৰে৷ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ প্ৰতিনিধি আৰু জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত চৰকাৰী আঁচনিসমূহৰ ৰূপায়নৰ দিশটো বিস্তৃতভাৱে আলোচনা কৰা হয়৷ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু বিধায়কদ্বয়ে চৰকাৰী আঁচনিৰ ৰূপায়ন অধিক ফলপ্ৰসূ কৰাৰ বাবে বিভাগবোৰক বহুকেইটা পৰামৰ্শ আৰু নিৰ্দেশ দিয়ে৷ মন্ত্ৰী অতুল বৰাই কয় যে কামৰূপ মহানগৰ জিলাখন অসমৰ হৃদযন্ত্ৰৰ লেখীয়া৷ ইয়াত ভাল কাম হ’লে বা উন্নয়ণ হ’লে তাৰ সুফল সমগ্ৰ ৰাজ্যই লাভ কৰে আৰু এটা ধনাত্মক প্ৰভাৱ আন জিলাৰ ওপৰত পৰে৷ সেয়ে বিষয়াসকলক অধিক উৎসৰ্গিত মনোভাৱেৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, কৃষি, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য আদি যিসমূহ বিভাগৰ কামে সৰ্বাধিক সংখ্যক ৰাইজৰ ওপৰত প্ৰভাৱ পেলাই সেই বিভাগবোৰক যিকোনো আঁচনিৰ ৰূপায়নৰ বেলিকা স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে সমন্বয় ৰক্ষা কৰিবলৈ বা তেওঁলোকক অৱগত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ বৈঠকত জিলা প্ৰশাসনৰ কেবাগৰাকী অতিৰিক্ত উপায়ুক্তসহিতে জ্যেষ্ঠ বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷

Comments (0)
Add Comment