অসম চৰকাৰৰ পৰিবহণ বিভাগে কিছুদিন পূৰ্বে দিয়া এক নিৰ্দেশৰ ভিত্তিত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিচাপে আজি গৌতম দাস ( পঞ্জীয়ন আৰু অনুজ্ঞা , প্ৰৱৰ্তক , অধ্যক্ষ , চালক আৰু পৰিচালক প্ৰশিক্ষণ বিদ্যালয় ) আৰু ৰফিকুল ইছলামে ( সচিব , আঞ্চলিক পৰিবহন প্ৰাধিকৰণ ) কাৰ্য্যভাৰ গ্ৰহণ কৰে । গৌতম দাসে বিদায়ী জিলা পৰিবহন বিষয়াৰ দায়িত্বত থকা সহকাৰী পৰিবহণ আয়ুক্ত গুণধৰ দাস আৰু ৰফিকুল ইছলামে বাপন কলিতাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে গৌতম দাস কামৰূপ জিলাৰ পৰিবহণ বিষয়াৰ দায়িত্বত আছিল।তেনেদৰে ৰফিকুল ইছলাম কামৰূপ মহানগৰ জিলাৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা )জ্যেষ্ঠ যান বাহন পৰিদৰ্শকৰ দায়িত্বত আছিল আৰু জিলা পৰিবহণ বিষয়ালৈ পদোন্নতিসহ বদলিৰ নিৰ্দেশ দিয়া হৈছিল । আনহাতে কাৰ্যভাৰ গ্ৰহণৰ পাছতে দুয়োজন জিলা পৰিবহণ বিষয়াক যান বাহন পৰিদৰ্শক ,প্ৰৱৰ্তক পৰিদৰ্শক ,সহ প্ৰৱৰ্তক পৰিদৰ্শক আৰু আন কৰ্মচাৰী সকলে আদৰণি জনায়।
কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিচাপে গৌতম দাস আৰু ৰফিকুল ইছলামৰ কাৰ্যভাৰ গ্ৰহণ
