কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ‘দেশভক্তি দিৱস’ পালন কৰি স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকনক তেখেতৰ মৃত্যুতিথিত স্মৰণ কৰা হয়৷ এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই৷ জিলা আয়ুক্তগৰাকীৰ লগতে সভাত উপস্থিত থকা অতিৰিক্ত উপায়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকা, ঝৰ্ণা পাটগিৰি, সংগীতা দেৱী প্ৰমুখ্যে জিলা আয়ুক্ত কাৰ্যালয়ৰ বহুসংখ্যক বিষয়া- কৰ্মচাৰীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে৷ অতিৰিক্ত উপায়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাই তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে৷ তেওঁ কয় যে স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকন এগৰাকী চিৰ তৰুণ ব্যক্তি আছিল৷ তেখেতৰ ব্যক্তিত্বৰ মোহনীয় শক্তিয়ে ওচৰত থকা সকলোৰে মন প্ৰফুল্লিত কৰিব পাৰিছিল৷ ড。হাজৰিকাই তৰুণৰাম ফুকনৰ ৰাজনৈতিক আৰু সামাজিক জীৱন সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে৷ সভাখনত জিলা আয়ুক্ত কাৰ্যালয়ৰ অৰ্ধশতাধিক কৰ্মচাৰী উপস্থিত থাকে৷
কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস পালন
