চিনেমা প্ৰেমী সকললৈ সুখবৰ। কালিলৈ মুক্তি পাব দুৰণিৰ নিৰলা পঁজা শীৰ্ষক এখন চিনেমা । এ ম টেলিভিচনৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰয়োজনা কৰিছে সঞ্জীৱ নাৰায়ণে আৰু ছবিখনৰ কাহিনী পৰিচালনা কৰিছে ধ্ৰৱ জে বৰদলৈয়ে। সম্পূৰ্ণ পাৰিবাৰিক কাহিনীৰ ওপৰত নিৰ্মিত এই চিনেমাখন কলিলৈ ২৫ টা ছবি গৃহত মুক্তি লাভ কৰিব। চিনেমাখনৰ গীত সমূহত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত আৰু গীত সমূহ ৰচনা কৰিছে ৰাজদ্বীপে। আজি গুৱাহাটী প্ৰেচ ক্লাবত এক সংবাদ মেল যোগে আভিনেতা মিণ্টু বৰুৱাই কয় যে অভিনয় শিল্পী সকলে প্ৰতিটো চৰিত্ৰ বাস্তৱ ভংগীত অভিনয় কৰিছে। আটাইতকৈ ভাল লগা কথা হ’ল যে কোন শিল্পীয়ে মেকআপ নকৰাকৈ অভিনয় কৰিছে। উল্লেখযোগ্য যে ইতিপূৰ্বে এই ছবিখনে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ ভুয়সী প্ৰশংসা লাভ কৰিছে।
কালিলৈ শুভমুক্তি দুৰণিৰ নিৰলা পঁজা
