কি বিষয়ত গুৰুত্ব পালে বিনিয়োগ সন্মিলনত

কি বিষয়ত গুৰুত্ব পালে বিনিয়োগ সন্মিলনত

বিশ্ব বিনিয়োগ সন্মিলনৰ দ্বিতীয় দিনা অনুষ্ঠানত দৃষ্টি গোচৰ হোৱা কেইটামান ইতিবাচক দিশ হ’ল এনেধৰণৰ–ব্ৰহ্মপুত্ৰ খননত বাংলাদেশ চৰকাৰে ৪০,০০০ হাজাৰ কোটি টকা সাহাৰ্য্য আগবঢ়োৱাৰ পৰিকল্পনা আছে। অৱশ্যে সমগ্ৰ বিষয়টো আলোচনাধীন হৈ আছে।

WhatsApp Image 2018-02-04 at 7.36.24 PM
দ্বিতীয়তে, অসমৰ পৰ্যটন ক্ষেত্ৰত আগবাঢ়ি আহিছে ৬টা বিনিয়োগকাৰী প্ৰতিষ্ঠান। ইতিমধ্যে প্ৰতিষ্ঠান কেইখনে বুজা বুজি চুক্তিত স্বাক্ষৰ কৰিছে।
তৃতীয়তে, পলাশবাৰীত আজি মুকলি হল টেক চিটি। জানিবপৰামতে ৮ হাজাৰ নিবনুৱা সংস্থাপিত হ’ব এই টেক চিটিৰ জৰিয়তে ৷ চতুৰ্থতে, দ্বিতীয় দিনা প্ৰায় ২০০ ৰো অধিক MOU ১লাখ কোটি টকাত চুক্তিবদ্ধ হৈছে।

WhatsApp Image 2018-02-04 at 7.39.34 PM

আনহাতে ৰাজ্যসভাৰ সদস্য সুভাষ চন্দ্ৰই আজি গুৱাহাটীৰ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক অন্তৰংগ আলাপত মিলিত হয়। আগ্ৰামী আচৰণ প্ৰগতিশীল নহয় আৰু স্বাধীনতাৰ প্ৰকৃত অৰ্থৰ সম্পৰ্কে তেখেতে বক্তব্য দাঙি ধৰে। এই সম্পৰ্কে তেখেতে এখন সংবাদ মেল আয়োজন কৰি মন্তব্য কৰে যে–সকলোৱে ইতিবাচক চিন্তাৰে আগবাঢ়িবলৈ শিকক, তেহে দেশৰ প্ৰগতি, ব্যক্তি বিশেষৰ উন্নতি সম্ভৱ।

Comments (0)
Add Comment