কৃতি শিক্ষকক স্বীকৃতি

কৃতি শিক্ষকক স্বীকৃতি

IMG-20170905-WA0067

পশ্চিমীয়া সভ্যতাই মাজে মাজে আমাৰ সমাজখনক আউল লগাই, সেয়েহে চৰিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি যত্নপৰ হ’ব লাগে। শিক্ষক সকলৰ ত্যাগ আৰু শ্ৰমক শ্ৰদ্ধা জনাই আজি এই দৰে মন্তব্য কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। আজি ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰাথমিক পৰ্য্যায়ত ১৭ জনক, মাধ্যমিক পৰ্য্যায়ত ১০ জনক ৰাজ্যিক পৰ্য্যায়ত কৃতি শিক্ষকক বঁটা প্ৰদান কৰা হয়। আনহাতে জিলা পৰ্য্যায়ত ১৭১ জনক বিশেষভাৱে পাৰদৰ্শিতা দেখুৱাৰ বাবে সন্মানীত কৰে। ইয়াৰ লগত সংগতি ৰাখি “শিক্ষাজ্যোতি” নামৰ এখন স্বৰণিকা উন্মোচন কৰে। অনুষ্ঠানত বিভিন্নজন গণ্য মান্য ব্যক্তি উপস্থি্ত থাকে। 

IMG-20170905-WA0070

Comments (1)
Add Comment
  • Humen Changmai

    সেই সকল নমস্য শিক্ষকলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।