কৃষকৰ জীৱন উন্নত হ’লেহে দেশ উন্নতিৰ পথত আগবাঢ়িব: ৰাজ্যপাল-পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ সামৰণি অনুষ্ঠানত শ্ৰেষ্ঠ পশুপালকলৈ এক লাখ টকাৰ পুৰস্কাৰ

গুৱাহাটীৰ খানপাৰাস্থিত পশুধন পাম চৌহদৰ খেল পথাৰত ৫ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চতুৰ্থ পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয় যে কৃষকৰ জীৱন উন্নত হ’লেহে দেশ উন্নতিৰ দিশত অধিক আগবাঢ়ি যাব। অসমত পশুপালন খণ্ডত বহুত সম্ভাৱনীয়তা আছে, এই ক্ষেত্ৰত আমি পশুপালক সকলক বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াব লাগিব আৰু তেওঁলোকৰ দ্বাৰা উৎপাদিত পশুজাত সামগ্ৰী সমূহ সঠিক মূল্যত বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিব লাগিব। পশুধন আৰু হাঁহ-কুকুৰা মেলাই পশুধন খণ্ডৰ লগতে পশুপালক সকলৰ উন্নতিৰ বাবে নিশ্চিতভাৱে মাৰ্গ দৰ্শন কৰিব। অনুষ্ঠানত ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালক কামৰূপ জিলাৰ বংশৰৰ বিশিষ্ট মহিলা উদ্যোগী দময়ন্তী দাসলৈ এক লাখ টকাৰ চেক প্ৰদান কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। তেনেদৰে শ্ৰেষ্ঠ গৰু- ম’হ পালক যোৰহাটৰ মুৰুলীধৰ গাট্টানী আৰু নলবাৰীৰ নুৰ আলম, শ্ৰেষ্ঠ ছাগলী পালক ছিপাঝাৰৰ মিটুল নাৰায়ণ কোঁৱৰ, শ্ৰেষ্ঠ গাহৰি পালক যোৰহাটৰ ভাস্কৰজ্যোতি শ‌ইকীয়া আৰু নলবাৰীৰ মৃণাল হালৈ, শ্ৰেষ্ঠ হাঁহ-কুকুৰা পালক মৰাণৰ চিৰাজ আনচাৰী আৰু শ্ৰেষ্ঠ ঘাঁহ খেতিয়ক শিৱসাগৰৰ বিকাশ দুৱৰালৈ বঁটা প্ৰদান কৰাৰ উপৰিও জিলাভিত্তিত আন কেইবাগৰাকী পশুপালকলৈ বঁটা প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত পশুপালন মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়া, উপাধ্যক্ষ পৰেশ বৰকাকতি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মণীষ ঠাকুৰ, সচিব অনিল দেউৰী আৰু সঞ্চালক জাৱীৰ ৰাহুল সুৰেশ উপস্থিত থাকে।

Comments (0)
Add Comment