কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত অনুষ্ঠিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সফল সামৰণি

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত অনুষ্ঠিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সফল সামৰণি

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সফল সামৰণি পৰে। শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানটি পৌৰহিত্য কৰি কেন্দ্ৰটিৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই “এই প্ৰশিক্ষণৰ দ্বাৰা কৃষি সামগ্ৰী ব্যৱসায়ী সকলক জ্ঞানেৰে সমৃদ্ধ কৰি উপযুক্ত সময়ত কৃষক সকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখি সহায় কৰাৰ, লগতে কৃষক সকলক সমন্বিত কৃষি ব্যৱস্থাপনা, সমন্বিত কীট নিয়ন্ত্ৰণ, গৰু ছাগলীৰ খাদ্য, পোহপাল ইত্যাদি বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদানৰ জড়িয়তে কৃষক সকলৰ উত্তম কৃষি কাৰ্যত সহায়ক হব”- বুলি মন্তব্য কৰে। নগাঁও আৰু হোজাই জিলাৰ ২৫ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি অনুুুুষ্ঠানত উপস্থিত থাকি জেষ্ঠ কৃষি সম্প্ৰসাৰণ বিষয়া দিলীপ বৰা, ভৱানী নাথ, যুটীয়া কৃষি (মধ্যঞ্চল) সঞ্চালক ৠতিক কেম্প্ৰাই, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মাই ভাষন প্ৰদান কৰে। উল্লেখ্য যে, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত সামৰণি পৰা কৃষি সামগ্ৰী ব্যৱসায়ীৰ এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ বিগত ১৪ টা দিনত কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ গৱেষণা সঞ্চালক ড০ অশোক ভট্টাচাৰ্যৰ লগতে জলসিঞ্চন বিভাগ, কৃষি বিভাগ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনী, আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ, এপাৰ্টৰ বিভিন্ন বিশেষজ্ঞ সকলে প্ৰশিক্ষণ প্ৰদান কৰিছিল। কৃৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞানী দিপেন চন্দ্ৰ নাথ, শস্য বিজ্ঞানী ড০ বন্তি গগৈকে প্ৰমুখ্য কৰি কেন্দ্ৰটিৰ সকলো বিজ্ঞানীৰ উপস্থিতিত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানটিতে ২৫ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীক মানপত্ৰ প্ৰদান কৰা হয়।
বাতৰি যুগুতালে নগাঁৱৰৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment