কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান প্ৰাপ্ত সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটালৈ বহুবাক সহ ভিন-ভিন দল-সংগঠনৰ অভিনন্দন


আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত স্থান প্ৰাপ্ত অসমৰ লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বহুভাষিক সাহিত্য‌‌ মঞ্চ,অসম চমুকৈ”বহুবাক”ৰ তৰফৰ পৰা উষ্ম সম্বাষণ জ্ঞাপন কৰিছে। এক অভিনন্দন বাৰ্তাত বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- অসমৰ সৰ্বাংগীন বিকাশত দুই মন্ত্ৰীয়ে অলেখ কাম কৰিব, আমি একান্ত আশাবাদী।জাতি-জনগোষ্ঠীৰে ভৰপূৰ অসম ভূমিৰ শিক্ষা-দীঘা,স্বাস্থ্য, বানপানী, ৰাস্তা-পদুলি আদি নিৰ্মাণ,বিকাশত দুই মন্ত্ৰীয়ে যথোচিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।আমি দুই মন্ত্ৰীলৈ ভূৰি ভূৰি অভিনন্দন জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ।কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱা দুই মন্ত্ৰীলৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছে – মহাপুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী আৰু আহ্বায়ক অৱনী ৰঞ্জন পাঠক, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, বিশিষ্ট গীতিকাৰ- কবি-সমাজ সচেতন লেখক শচীন দাস, প্ৰবীণ কন্ঠশিল্পী ডিজেন কাকতী, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বয়োজ্যেষ্ঠ কবি-সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা,অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন,মাহেকীয়া আলোচনী সংযোগৰ সম্পাদকীয় সম্পাদক প্ৰশান্ত গগৈ, আজাৰা সাহিত্য সভাৰ উপ-সভাপতি বুলু কুমাৰী বড়া আদি দল-সংগঠনে।সকলোৰে এটাই আশা:অসমৰ দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ সৰ্বাধিক সংখ্যক সমস্যা সমাধানত গুৰুত্ব দিব।

Comments (0)
Add Comment