কেৰিণিকাৰ সাফল্য..

কেৰিণিকাৰ সাফল্য..

collagepro_2017121201620392

জীৱনত যিকোনো ক্ষেত্ৰতে সফলতা লাভ  কৰিবলৈ হ’লে একাণপতীয়া প্ৰচেষ্টা, মানসিক দৃঢ়তা অতি প্ৰয়োজন। তাকে প্ৰমাণ কৰি দেখুওৱালে শ্ৰীয়া মিছ ইণ্ডিয়া খিতাপ জয়ী কেৰিণিকা মিশ্ৰাই। মডেলিঙৰ ক্ষেত্ৰত জিলা, ৰাজ্য পৰ্য্যায়ত কেতিয়াও মনে বিচৰা সফলতা অৰ্জন কৰিব পৰা নাছিল কেৰিণিকাই। কিন্তু তেওঁ হতাশ নহৈ বিফলতাৰ পৰাই ৰচিছিল সফলতাৰ জয়গান। যাৰ সুবাদতে কেৰিণিকা উজলি উঠিছিল ৰাষ্ট্ৰীয় পৰ্য্যায়ত। উল্লেখযোগ্য যে বিগত বৰ্ষত ৰাজস্থানত অনুষ্ঠিত হোৱা শ্ৰীয়া মিছ ইণ্ডিয়া ২০১৬ খিতাপ, ২৮ গৰাকী বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিযোগীক পৰাস্ত কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হ’ল কেৰিণিকাই।

collagepro_2017121201748889

উল্লেখযোগ্য যে কেৰিণিকাই যোৰহাট জে বি আইন মহাবিদ্যালয়ত  অধ্যয়ন কৰি আছে। কেৰিণিকা মৰাণৰ সাংবাদিক ৰাজু মিশ্ৰাৰ কন্যা। আইন বিভাগৰ ছাত্ৰী হৈ মডেলিঙৰ  জগতত কিদৰে জৰিত হ’ল জানিব বিচৰাত এনেদৰে কয়- ২০১৪ চনৰ কথা। কলেজত পঢ়ি থকা সময়তে  লগৰ দুজনী বান্ধৱীয়ে এবাৰ মডেলিঙত অংশগ্ৰহণৰ বাবে কোৱাত মই অংশগ্ৰহণ কৰো।কলেজৰ পৰাই মোৰ এই যাত্ৰা আৰম্ভ হয়। বহুবাৰ অংশগ্ৰহণ কৰিও বিশেষভাৱে মনে ভবা ধৰণে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিলো। যদিও মই হতাশ হোৱা হোৱা নাছিলো।বৰঞ্চ দুগুন  উৎসাহেৰে প্ৰতিটো প্ৰতিযোগিতাত কৰা ভুল সমূহ শুদ্ধ কৰিবলৈ চেষ্টা কৰিছিলো।এই মন্তব্য কেৰিণিকা মিশ্ৰাৰ।

IMG-20170120-WA0040

উল্লেখযোগ্য যে কেৰিণিকা মিশ্ৰাই এই খিতাপৰ লগতে এখন হিন্দী চিনেমাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে। পৰৱৰ্ত্তী সময়ত আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি মিশ্ৰাই জানিবলৈ দিয়া। তেওঁৰ  মতে মডেলিঙৰ ক্ষেত্ৰখনত উজলি উঠিবলৈ আত্মবিশ্বাসৰ অতি প্ৰয়োজন। মডেলিঙ প্ৰতিযোগিতা সমূহত  বিশেষকৈ উপস্থাপনৰ ওপৰত গুৰুত্ব দিয়ে।মোহনীয় শৰীৰ,হাহিঁ আৰু ব্যক্তিত্বৰ বাবে এই খিতাপ লাভ কৰিবলৈ সক্ষম হ’লো। স্মৰ্তব্য যে বৰ্তমান তেওঁ আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই আছে।এই আপাহতে আমি nefocus.comৰ ফালৰ পৰা জনাইছো অনেক শুভেচ্ছা।

Comments (0)
Add Comment