জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ থাকে প্ৰতিগৰাকী মানুহৰে অন্তৰতে। জীৱনটো সংগ্ৰামেৰে পৰিপূৰ্ণ যদিও সকলোৱে জীৱন যুঁজত অৱতীৰ্ণ হয়। তেনে এক উদাহৰণ হৈছে কৰিশ্মা কাকতি। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত সৰা গাঁৱৰ নিবাসী কৰিশ্মা কাকতিৰ অন্তৰত আছে জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ। দুৰ্ভাগ্যবশতঃ সম্প্ৰতি কৰিশ্মা এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। পিতৃ মাতৃহীনা কৰিশ্মাই বহু দুখ আৰু কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিছে ৷
কৰিশ্মাই এতিয়া সহায় বিচাৰিছে মুখ্যমন্ত্ৰী আৰু বিভিন্ন দল-সংগঠনৰ পৰা। কিয়নো অন্ততঃ কৰিশ্মা সুস্থ নহ’লেও তাই জীয়াই থাকিব বিছাৰে।কৰিশ্মাৰ আৱাহনৰ প্ৰতি সঁহাৰি জনাই ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়ায়। ইয়াৰ উপৰিও বিধায়ক ডিম্বেশ্নৰ দাসে ৰহা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি , দীঘলদৰী , ছালমৰা , ৰনথলী আৰু জাগিয়াল গাওঁ পঞ্চায়তৰ অন্তৰ্গত বহুকেইজন জটিল ৰোগত আক্ৰান্ত ৰোগীক ঘৰে ঘৰে গৈ আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়ায়। বিধায়ক ডিম্বেশ্বৰ দাসৰ এই মহানুভৱতাৰ বাবে পৰিয়ালটোৱে ধন্যবাদ জ্ঞাপন কৰিছে।
খবৰ যুগুতালে ৰহাৰ পৰা অসীম ছেত্ৰীয়ে..
কৰিস্মাক সহায়ৰ হাত আগবঢ়াইছে ৰহা সমষ্টিৰ বিধায়কে
