কৰ্মসংস্কৃতিৰ বিপ্লৱ গঢ়া এগৰাকী উদ্যমীৰ কথাৰে

কৰ্মসংস্কৃতিৰ বিপ্লৱ গঢ়া এগৰাকী উদ্যমীৰ কথাৰে

1

চাকৰিতকৈ ব্যৱসায় কৰা মজাটোৱে বেলেগ। মানুহে ব্যৱসায়ীক সিমান গুৰুত্ব নিদিয়ে। অথচ ব্যৱসায়ীসকলে নিজা ব্যৱসায়ৰ দ্বাৰা বহু নিৱনুৱাক কৰ্মসংস্থাপন দিয়ে। কথাষাৰ এগৰাকী উদ্যমীৰ। এই গৰাকী উদ্যমীয়ে এটা, দুটা নহয় তিনিটা ব্যৱসায়ৰ জৰিয়তে মাজুলীত এক বিপ্লৱ আনিবলৈ সক্ষম হৈছে। তেখেত হ’ল মাজুলী কমলাবাৰীৰ ইন্দুকল্প ভৰালী।

WhatsApp Image 2018-01-02 at 6.07.13 PM

ভীম ভিটা, লুইত মাজুলী মিঠাতেলৰ উপৰিও নকৈ আৰম্ভ কৰিছে বাঁহৰ এক উদ্যোগ। যাৰ জৰিয়তে বহু নিৱনুৱাই বিচাৰি পাইছে জীৱিকা ছন্দ।

সৰুৰে পৰা সৃষ্টিশীলৰ মনৰ গৰাকী ইন্দুকল্প ভৰালীয়ে সদায় আনে নকৰা ব্যতিক্ৰম ধৰণৰ কাম কৰি ভাল পাইছিল। যাৰ আপাহত পোনপ্ৰথম বাৰৰ বাবে ভীম ভিটা নামেৰে ভীম কলৰ পৰা প্ৰস্তুত কৰা শিশুৰ খাদ্য বজাৰত মুকলি কৰিবলৈ সক্ষম হৈছিল। আৰু এই বাতৰিয়ে এসময়ত যথেষ্ট চৰ্চা লাভ কৰিছিল। ভীম ভিটাৰ সম্পৰ্কত ভৰালীয়ে কয়.. ভীম ভিটা প্ৰস্তুত কৰাৰ বাবে আৰ আৰ এল (RRL) দীপ শইকীয়া নামৰ বৈজ্ঞানিক এজনে যথেষ্ট অনুপ্ৰেৰণা দিছিল। তেখেতৰ অনুপ্ৰেৰণা, পৰামৰ্শৰ ভিত্তিতেই ভীম ভিটা প্ৰস্তুত কৰিবলৈ সক্ষম হ’লো।

2

ভীম ভিটা হ’ল ভীম কল, পিঠাগুৰি, মগুমাহৰ পাউদাৰ পৰা শিশুৰ বাবে প্ৰস্তুত এবিধ খাদ্য। প্ৰথম অৱস্থাত ভীম ভিটাই বজাৰ দখল কৰাত অসুবিধা হৈছিল যদিও বৰ্তমানে খুবেই ভালধৰণৰ সহাঁৰি গ্ৰাহকৰ পৰা লাভ কৰিছো। ইয়াৰ পিছতে মাজুলীত সৰিয়হ খেতি যথেষ্ট হোৱা দেখা পাই লুইত মাজুলী শীৰ্ষক সৰিয়হৰ মিঠাতেলৰ উদ্যোগ এটা আৰম্ভ কৰো। সেই উদ্যোগটোৰ পৰাও আশাব্যঞ্জক সহাঁৰি লাভ কৰো। তাৰ পিছতেই আৰম্ভ কৰিছো বাঁহৰ আচবাব ৰ এটা উদ্যোগ।

সৃষ্টি বেম্বো নামৰ উদ্যোগৰ জৰিয়তে বাঁহৰ বিভিন্ন সামগ্ৰী, আচবাব প্ৰস্তুত কৰা হয়। এই উদ্যোগৰ পৰা প্ৰায় ১০০ টা পৰিয়ালে জীৱিকা উৎস বিচাৰি পাইছে। ভৰালীৰ ইচ্ছা প্ৰতিবছৰে তেখেতে মাজুলীত নতুন নতুন কাম কৰা পৰিকল্পনা আছে, যাতে স্থানীয় নিবনুৱা যুৱক সকলো উপকৃত হয়।

Comments (1)
Add Comment
  • জয়ন্ত হাজৰিকা

    আমি অতিশয় আনন্দ লাভ কৰিছোঁ | বিশেষকৈ মাজুলীত entrepreneurs বহু কম | ইন্দুকল্প ভৰালীৰ এই প্ৰজেক্টৰ দ্বাৰা মাজুলীৰ লগতে অসমৰ নতুন প্ৰতিভাধৰ সকল বাৰুকৈয়ে উৎসাহিত আৰু উপকৃত হ’ব পাৰিব | পুনৰ আমাৰ শুভকামনা জনাইছোঁ |