খানাপাৰা-চানমাৰিত পৰিবহণ বিভাগৰ তালাচী

আজি মহানগৰীৰ খানাপাৰাৰ লগতে চানমাৰীৰ উৰণীয়া সেঁতুৰ তলত নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধ নকৰা দুই শতাধিক বাহনত তালাচী চলায় কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দলে ৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত আৰু জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত যান-বাহন পৰিদৰ্শক অমৰ বৰুৱা আৰু দুৰ্গা গগৈৰ উপস্থিতিত প্ৰৱৰ্তক পৰিদৰ্শক মৰমী ওজা আৰু গজেন হাজৰিকাৰ দলৰ লগতে বিভাগৰ বিষয়া-কৰ্মীৰ সহযোগত চলোৱা হয় এই অভিযান। অভিযান কালত দীৰ্ঘদিন ধৰি কৰ অনাদায়ৰ লগতে যান-বাহনৰ নথিপত্ৰৰ গুৰুতৰ বিসংগতি ধৰা পৰাত এখন স্কুল বাছসহ দুখন ব্যৱসায়িক বাহন জব্দ কৰা হয় । চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বীমা নথকা, ফিটনেছ আৰু প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰ নথকাৰ তথ্য ধৰা পৰাত ৬০খন বাহনৰ বিৰুদ্ধে গোছৰ তৰি থিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমণা বিহা হয় ৷ ইফালে উল্লিখিত স্থানসমূহত তালাচী অভিযানৰ সমান্তৰালভাৱে লালগণেশ, ওডালবাক্ৰা, লখৰা, সাঁওকুছি আদি অঞ্চলত বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ- প্ৰতিষ্ঠানৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে বিভাগৰ দল উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰে বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে যাৱতীয় কৰ আদায়ৰ বাবে সকীয়াই দিয়ে ৷

বাতৰি যুগুতালে জিতুমণি দাসে

Comments (0)
Add Comment