অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অন্তৰ্গত চৰকাৰী পঞ্জীয়নভূক্ত মহিলা আত্মসহায়ক গোট সমূহৰ উমৈহতীয়া বিপনী মৰাণ শিংৰীজান তিনিআলিত দুখন মুকলি কৰা হয়।উক্ত এই মুকলি অনুষ্ঠানত খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাই গোট সমূহক এই বিপনীসমূহ চমজাই দিয়ে। উল্লেখ্য যে স্বাৱলম্বিতাৰ উদ্দেশ্যে মহিলা সকলে একগোট হৈ গঠন কৰা আত্মসহায়ক গোট সমূহে নিজে প্ৰস্তুত কৰি উলিওৱা সামগ্ৰী সমূহ নিজা বিপনী নথকাত যথেষ্ট সমস্যাৰ সন্মুখীন হব লগা হৈছিল।আজি খুমটাই গাওঁ পঞ্চায়তৰ অধীনত থকা চৰকাৰী পঞ্জীয়নভূক্ত গোট সমূহৰ বাবে স্থায়ী বিপনী প্ৰদান আত্মসহায়ক গোট সমূহ উৎফুল্লিত হয় ।
গাঁৱৰ মহিলাসকলক সবলীকৰণৰ সংকল্পৰে অভিযান
