গীতানগৰত বিশিষ্ট লেখিকা মালাশ্ৰী লস্কৰ বৰাক সম্বৰ্দ্ধনা

ৰাজ্যৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ দ্বাৰা গুৱাহাটী মহানগৰীৰ গীতানগৰৰ বাসিন্দা, বিশিষ্ট লেখিকা, অনুবাদিকা, সমাজসেৱী মালাশ্ৰী লস্কৰ বৰাক নিজ বাসভবনতে আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰে। প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ সঞ্চালক তথা সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠকে কয়- জীয়াই থাকোঁতে মানুহক সন্মান দিব লাগে। কৰ্মঠ সময়ত সন্মান পালে আৰু কাম কৰিব পাৰে। অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সচিব প্ৰধান ‘সাহিত্য কোঁৱৰ’ কমল কলিতাই কয়- মালাশ্ৰী লস্কৰ বৰাৰ সাহিত্য কৃতী প্ৰশংসনীয়। নিৰৱে সাহিত্যৰ কাম কৰি আছে। স্বীকৃতিয়ে বহুত আগবঢ়াই নিয়াত সহায় কৰে। সভাত স্বপ্না শৰ্মা, অভিযন্তা কমল শৰ্মা, কৰবী দেৱী,ৰূপম শৰ্মাইও বক্তব্য দাঙি ধৰি মালাশ্ৰী লস্কৰ বৰাৰ সাহিত্য কৃতীৰ ওপৰত আলোচনা কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে..

Comments (0)
Add Comment