গুৱাহাটীৰ ১০ টা চাফাই কৰ্মচাৰী বস্তিত বিনামূলীয়া স্বাস্থ্য চেতনা শিবিৰ

ডা হেডগেৱাৰ স্মাৰক সমিতি গুৱাহাটীৰ উদ্যোগত কালি বিনামূলীয়া স্বাস্থ্য চেতনা শিবিৰ অনুষ্ঠিত হয় ।গুৱাহাটী মহানগৰত থকা চাফাই কৰ্মচাৰী সকলৰ বস্তিত এই শিৱিৰৰ আয়োজন কৰা হয় ।মালিগাওঁ,গো-শালা, লোক কলনি, ফটাশিল,আমবাৰী, উজানবজাৰ, মৰাখালী,বামুণীমৈদাম, ৰূপনগৰ,দিছপুৰকে ধৰি মুঠ ১০ টা স্বাস্থ্য চেতনা শিবিৰ আয়োজন কৰে।প্ৰথম চৰণত অনুষ্ঠিত এই শিবিৰ গুৱাহাটীৰ চাফাই কৰ্মচাৰী সকলৰ পৰিয়ালৰ বাবে অনুষ্ঠিত কৰা হয়, বস্তি অঞ্চলৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ওপৰত লক্ষ্য ৰাখি প্ৰাৰম্ভিক স্তৰত এই চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

উক্ত শিবিৰত পুৰুষ,মহিলা তথা শিশুকে ধৰি মুঠ ১২৭৬ জন ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষা কৰে।এই শিবিৰত গুৱাহাটীৰ আগশাৰী চিকিৎসালয়ৰ পৰা মুঠ ৭০ জন চিকিৎসকে সেৱা আগবঢায়। উল্লেখযোগ্য যে বস্তি অঞ্চলত আগৰে পৰা সেৱা আগৱঢ়াই আহিছে ডা. হেডগেৱাৰ স্মাৰক সমিতিৰ কাৰ্যকৰ্তাসকলে। দিনৰ ১১ বজাৰ পৰা আৱেলি ৪ বজালৈ হোৱা এই শিবিৰত স্থানীয় ৰাইজৰ সহযোগিতা আগবঢ়ায়।

Comments (0)
Add Comment