গুৱাহাটী বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ 5G লেব উদ্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ 5G লেব উদ্বোধন

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত 5G লেব উদ্বোধন কৰে। উক্ত লেবটোৱে বিভিন্ন ডিজিটেল মাধ্যমৰ উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে কাম কৰি ছাত্ৰ-ছাত্ৰী, গৱেষকসকলৰ উন্নতি সাধন কৰিব তথা অধ্যাপক সদস্যসকলে ইয়াত দ্ৰুতগতিৰ যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তা, আৰু উন্নত নেটৱৰ্কিঙৰ নতুন সম্ভাৱনাসমূহ অন্বেষণ কৰিব পাৰিব। ভাৰত চৰকাৰৰ ডিজিটেল মাধ্যমৰ প্ৰতি সবল দৃষ্টিভংগীৰ ই এক উদাহৰণ।

সাংস্কৃতিক শোভাযাত্ৰা আৰু বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৫৯ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু ৬ গৰাকী পি এইচ ডি ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা জনায় আৰু তেওঁলোকৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ বাহিৰৰ অঞ্চলৰ বাবে এক শক্তিশালী শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সামগ্ৰিক উন্নয়ন আৰু চহকী শৈক্ষিক বাতাবৰণৰ প্ৰতি বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাক প্ৰশংসা কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক ড⁰ ননী গোপাল মহন্তই শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াক আদৰণি জনাই তেওঁৰ ভাষণত উল্লেখ কৰে যে বিশ্ববিদ্যালয়খনে উচ্চ শিক্ষা, গৱেষণা, আৰু প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত আলোকপাত কৰি সময়ে সময়ে অঞ্চলটোত উদ্ভাৱন আৰু উৎকৃষ্টতা বৃদ্ধিৰ দিশটো লক্ষ্য ৰাখি উন্নয়নমূলক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অন্যবদ্য অবদান আগবঢ়াই আহিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে 5G লেবে শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি ছাত্ৰ-ছাত্ৰীৰ ডিজিটেল অভিজ্ঞতা বৃদ্ধি কৰিব আৰু ভৱিষ্যতৰ প্ৰযুক্তি-চালিত কৰ্মশক্তিৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তুলিব। তেওঁ লগতে কয়: “ভাৰতে ডিজিটেলভাৱে সৰ্বাংগীন ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে এই ধৰণৰ পদক্ষেপে শিক্ষাৰ্থীসকলক দ্ৰুতগতিত বিকশিত ডিজিটেল পৰিৱেশত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সজ্জিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।” উক্ত অনুষ্ঠানত তেওঁ শিক্ষাৰ্থী ,অধ্যাপক আৰু উপস্থিত ব্যক্তিসকলৰ লগত মত বিনিময় কৰে।

Comments (0)
Add Comment