গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক হাস্পতালত নিৰ্মাণ কৰা ১০ খন বিচনাযুক্ত আই চি ইউ ৰাইজৰ সেৱাত মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা ১০ খন বিচনাযুক্ত আইচিইউ জনসাধাৰণৰ সেৱাত আনুষ্ঠানিক ভাৱে উৎসৰ্গিত কৰে।উল্লেখযোগ্য যে নৱনিৰ্মিত ১০ খন বিচনাযুক্ত এই আইচিইউ ৱৰ্ডে জিলাখনত ক’ভিড অতিমাৰী বিৰুদ্ধে যুঁজাৰ দিশত শক্তিশালী আন্তঃগাঁথনি প্ৰদান কৰিব।অত্যাধুনিক আই চি ইউ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে গোলাঘাট জিলাৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হ’ব।তদুপৰি আই চি ইউ ৱাৰ্ডৰ কাষতে স্থাপন কৰা অক্সিজেন প্লেণ্টে জটিল সময়ত ৰোগী সকলৰ চিকিৎসা প্ৰদানৰ দিশতো বিশেষ সকাহ প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে এই আই চি ইউ ইউনিট ক্ষীপ্ৰতাৰে স্থাপন কৰাৰ দিশত লোক নিৰ্মাণ আৰু স্বাস্থ্য বিভাগে যুটীয়াভাৱে লোৱা পদক্ষেপৰো শলাগ লয়।আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ,বিত্তমন্ত্ৰী অজন্তা নেওগ,কৃষিমন্ত্ৰী অতুল বৰা,সংসদ কামাখ্যা প্ৰসাদ তাচা,উচ্চপদস্থ বিষয়া লগতে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Comments (0)
Add Comment