গৌহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

অহা ৫ এপ্ৰিলত গৌহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব। এই উপলক্ষে সেইদিনা গুৱাহাটীৰ পাণবজাৰস্থিত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সন্ধিয়া ৫বজাৰ পৰা এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰিব। অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়াই গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Comments (0)
Add Comment