গ্ৰাম্য পৰ্যটনক প্ৰসাৰ কৰাৰ প্ৰচেষ্টা চলাইছে..

এজন অৱসৰপ্ৰাপ্ত নৌ সেনা বিষয়া।তেখেতৰ নাম কমলেশ চৌধুৰী।চৌধুৰীয়ে চাকৰি জীৱনত বিভিন্ন ঠাইত কটোৱাৰ পিছত  ব্যস্ত হৈ পৰিছে কিছু সমাজ সেৱামূলক কামৰ লগত ।সম্প্ৰতি তেখেত মহানগৰী অম্বিকাগিৰিৰ বাসিন্দা।
 
 
চৌধুৰীয়ে গ্ৰাম্য পৰ্যটনক প্ৰসাৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।নলবাৰী নিউ মেডিকেলৰ সমীপত এখন ফাৰ্ম হাউচ প্ৰতিষ্ঠা  কৰিছে। প্ৰায় ৭ বিঘা ভূমিত আৰম্ভ কৰা  ফাৰ্ম খনত বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী নেমু, লেটেকু, পনিয়ল, কুজি ঠেকেৰা, অমিতাৰ লগতে বিভিন্ন ফল আৰু ঔষধি সম্পন্ন উদ্ভিদ আছে।জানিব পৰা মতে কৰ্তব্যৰ তাগিদাত ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি গোটোৱা বিভিন্ন দেশৰ  ফলও এই ফাৰ্মখনত উপলব্ধ  আছে।
 
 
আনহাতে তেখেতে জৈৱিক পদ্ধতিৰে মৎস্য পালন কৰিছে।জানিব পৰা মতে এই মৎস্য পালনৰ যোগেদি ব্যৱসায়িক ভাৱে লাভাম্বিত হৈছে।অঞ্চলটোৰ একাংশ উদ্যমী অনুুুুপ্ৰাণিত হৈছে।
 
 
 
চৌধুৰীৰ মতে ফাৰ্ম তথা কৃষিকৰ্ম মোৰ এক হবি।সেয়ে অৱসৰৰ পিছতো এনেদৰে ব্যস্ত হৈ পৰিছো ।
 
তেখেতৰ ফাৰ্ম চাবলৈ এতিয়া  বহু দূৰ দূৰণিৰ পৰা মানুহ যায় ।গৱেষণাৰত ছাত্ৰ ছাত্ৰীয়ে ফাৰ্মখন চাবলৈ আহে।অনাগত দিনত গ্ৰাম্য পৰ্যটকৰ বাবে  ন ন সমল উপলব্ধ কৰিব।

Comments (0)
Add Comment