ঘিলামৰাৰ স্বাস্থ্য কৰ্মী লক্ষী হাজৰিকালৈ  জিলা শ্ৰেষ্ঠত্বৰ বঁটা

ঘিলামৰাৰ স্বাস্থ্য কৰ্মী লক্ষী হাজৰিকালৈ  জিলা শ্ৰেষ্ঠত্বৰ বঁটা

বিগত ২০০৯ চনৰ পৰাই  দিবা নৈশ  নিৰন্তৰ ভাবে নিয়োজিত কৰ্তব্য সমাপনেৰে মানৱ সেৱাৰ উৎকৃষ্ট  দৃষ্টান্ত  প্রদর্শন কৰি শত সহস্ৰজনৰ  প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ঘিলামৰাৰ এগৰাকী নিঃস্ব স্বাস্থ্য কৰ্মী লক্ষী হাজৰিকা ।  ঘিলামৰা ঘাহি গাঁওৰ প্ৰয়াত লহাৰাম হাজৰিকা আৰু কলি হাজৰিকাৰ কৰ্তব্য পৰায়ন পুত্ৰ  লক্ষী হাজৰিকা লই দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰাকক্ষণত আজুৰি আনিবলৈ সক্ষম হৈছে  ইপ্সিত কৰ্মফলৰ  চৰকাৰী স্বীকৃতি।  বিগত ১৩ বছৰ ধৰি ঘিলামৰা সামূহিক চিকিৎসালয়ত “ৱাৰ্ড বয়” হিচাবে নিযুক্তি লাভ কৰি এগৰাকী দক্ষ আৰু পাকৈত “ড্ৰেচাৰ”ৰ সেৱা আগবঢ়াই আহিছে এইগৰাকী কৰ্মপটু স্বাস্থ্য কৰ্মীয়ে।  তাৰোপৰি চিকিৎসালয়খনৰ উদ্যোগত অনুষ্ঠিত “বন্ধ্যাকৰণ” শিবিৰ কাৰ্যসূচীৰ এগৰাকী অভিজ্ঞতাপুষ্ট পাৰ্গত স্বাস্থ্য কৰ্মী হিচাবেও  নিৰন্তৰ সেৱা আগবঢ়াই অহা হাজৰিকালৈ লখিমপুৰ জিলা স্বাস্থ্য  অভিযানৰ “স্বাস্থ্য মন্থন”ৰ তৰফৰ পৰা শ্ৰেষ্ঠ “ৱাৰ্ড বয়”ৰ  স্বীকৃতি প্ৰদান কৰা হৈছে । শুক্ৰবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় প্ৰেক্ষাগৃহত  এই সন্দৰ্ভত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত  হাজৰিকাক এই স্বীকৃতি পূৰ্ণ বঁটা প্ৰদান কৰা হয় ।  এগৰাকী নিষ্ঠাবান ৱাৰ্ড বয়ৰ সেৱা আগবঢ়াই অহাৰ সমান্তৰাল ভাবে এগৰাকী সুনিপুন ড্ৰেচাৰ আৰু  “লে’পাৰস্কপি কৰ্মী হিচাবে স্বাস্থ্য সেৱা আগবঢ়াই অহা হাজৰিকাক  জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্বীকৃতি ,প্ৰশংসা পত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত গিতালী দুৱৰাই জিলাখনৰ  ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জগদীশ গোস্বামী , বিভিন্ন স্বাস্থ্য খণ্ডৰ চিকিৎসা বিষয়া , খণ্ড আঁচনি প্ৰবন্ধক সকলৰ উপস্থিতিত হাজৰিকাক এই বঁটা প্ৰদান কৰি এটা দশকৰো অধিক কাল ধৰি আগবঢ়াই অহা মানৱ সেৱাৰ শলাগ লয় । এটা নিম্ন পৰ্যায়ৰ পদৰ জৰিয়তে চৰকাৰী সেৱা প্ৰদানৰ বিপৰীতে জিলা পৰ্য্যায়ৰ শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰি বঁটা প্ৰাপক হাজৰিকাই পূৰ্বতকৈ অধিক উৎসাহেৰে  আৰু আত্ম উৎসৰ্গাৰে নিজৰ সেৱা আগবঢ়াই যাবলৈ এনেবোৰ স্বীকৃতি আৰু বঁটাই  দুগুণ প্ৰেৰণা  যোগাব বুলি প্ৰত্যয়েৰে  জানিবলৈ দিলে । অন্যহাতে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ চিকিৎসক ডাঃ আনন্দ চোনা ( চি এইচ অ’) কো  প্ৰসূতি মাতৃৰ স্বাস্থ্য পৰীক্ষা ,স্বাস্থ্য সজাগতা দিশত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে সভাতেই বঁটা প্ৰদান কৰা হয়।

বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Comments (0)
Add Comment