চকলাঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস-গীত,মাত,নৃত্যৰে উজ্বলিল ক্ষেমকান্ত বৰা সমন্বয় ক্ষেত্ৰ

নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাট ৰাস মন্দিৰ প্ৰাংগণত স্থাপিত ক্ষেমকান্ত বৰা সমন্বয় ক্ষেত্ৰত নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চকলাঘাট শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত সোমবাৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱসটি উদযাপন কৰা হয় ৷ এই মৰ্মে, পুৱা ৯ বজাত জ্যোতি দিৱসৰ মূল কাৰ্যসূচীসমূহৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই ৷ তাৰ পিছতে অসম সাহিত্য সভাৰ ১০৫ সংখ্যক বৰ্ষপূৰ্তিৰ শুভক্ষনত ১০৫ গছি বন্তি প্ৰজ্বলন কৰা হয় ৷ লগতে জ্যোতি তৰ্পন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ৷ ইয়াৰ পিছতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে লোকসংগীতৰ শিল্পী জীনা ৰাজকুমাৰীয়ে ৷ উক্ত অনুষ্ঠানত বহুকেইজন ন-পুৰণি শিল্পীয়ে নৃত্য আৰু গীত পৰিবেশন কৰি ক্ষেমকান্ত বৰা সমন্বয় ক্ষেত্ৰ উজ্বলাই তোলে ৷ ইয়াৰ পিছতে লোকশিল্পী গুণ শইকীয়া সোঁকৱৰণী মঞ্চত অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী বঁটা প্ৰাপক ড° সূৰ্য হাজৰিকাই শুভ উদ্বোধন কৰা সভাত বিশিষ্ট অতিথিৰূপে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতী, নিদিষ্ট বক্তাৰূপে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কণ্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন কলিতা আৰু সন্মানীয় অতিথিৰূপে নগাঁও সদৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাংস্কৃতিক কৰ্মৰাজিৰ বিষয়ত বক্তব্য প্ৰদান কৰে ৷ চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰাই আঁত ধৰা সভাখনত বিশিষ্ট শিল্পী গম্ভীৰ শইকীয়া, কুটিৰ শিল্পী দছেন গগৈ, ছিপাঝাৰৰ খুলীয়া, ভাৱৰীয়াৰ ওজা হেমৰাম কুমাৰ, ওজাপালি, দেওধনী নৃত্যৰ প্ৰশিক্ষক টংকেশ্বৰ শইকীয়া আৰু তেজপুৰৰ ভাওনাৰ প্ৰবীন শিল্পী ৰুহিত শইকীয়াক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ৷ সাহিত্য সভাৰ উপ সভাপতি মৃনালিনী দেৱীয়ে জ্যোতি গীত, বিয়ানাম আৰু কবিতা আবৃত্তিৰ লগতে শিল্পী তৰুন শইকীয়া, হৰি হৰ্চিদ আৰু ৰঞ্জন বেজবৰুৱাই গীত পৰিবেশনেৰে উপস্থিত ৰাইজক মন মুগ্ধ কৰি তোলা সভাখনিত গম্ভীৰ শইকীয়াৰ ৰছিত “কৃষ্ণ শুনি বজোৱাচোন সেই বাঁহীৰ সুৰ”, দীপ্তি দেৱী শৰ্মাৰ “নীড়হাৰা পখীৰ ক্ৰন্দন” আৰু শুভ্ৰ গিৰিমালাৰ “শিখৰে শিখৰে” নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়৷
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment