চকা বন্ধ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰিছে সদৌ অসম মটৰ পৰিবহন সন্থাই

চকা বন্ধ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰিছে সদৌ অসম মটৰ পৰিবহন সন্থাই

সদৌ অসম মটৰ পৰিবহন সন্থাৰ আহ্বানত ৰাজ্যজুৰি চলি থকা চকা বন্ধ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিংহাৰ পৰা পোৱা এক নিৰ্দেশনাৰ পিছতে সদৌ অসম মটৰ পৰিবহন সন্থাই আজি চকা বন্ধ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰিছে৷
 
 
চৰকাৰী নিৰ্দেশনাটোত কোৱা হৈছে যে যানবাহন সমূহে নিৰ্ধাৰিত চীট অনুসৰি যাত্ৰী কঢ়িয়াব পাৰিব ৷ ঠিয় হৈ কোনো যাত্ৰী যাব নোৱাৰিব ৷ সকলো যাত্ৰীয়ে মাস্ক পিন্ধিব লাগিব ৷মাস্ক নিপিন্ধা যাত্ৰী যানবাহনত উঠিব নোৱাৰিব ৷ বাহনৰ গৰাকী সকলে বাহনত চেনিটাইজাৰ থকাটো নিশ্চিত কৰিব লাগিব৷
 
 
বাহনখন যাত্ৰা সমাপ্তিৰ পিছত চেনীটাইজ কৰিব লাগিব ৷ চালক আৰু গাড়ীৰ অন্যান্য কৰ্মচাৰী সকলে মাস্ক সকলো সময়তে পিন্ধিব লাগিব।উল্লেখযোগ্য গাড়ীৰ ভাড়া বৃদ্ধি হোৱা নাই ৷সেই মৰ্মে পূৰ্বতে যি ধৰণৰ ভাড়াৰ নিৰিখ আছিল সেইমতে ভাড়া আদায় দিব লাগিব বুলি পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে স্পষ্টভাৱে জনাই দিছে।৷

Comments (0)
Add Comment