চতিয়া সমষ্টিৰ ভিন্ন ঠাইত দূৰ্গা পূজাৰ বাবে ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ

ইতিমধ্যে বিশ্বকৰ্মা পূজা পাৰ হৈছে,তাৰ পাছতে দূৰ্গা পূজা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চতিয়া সমষ্টিৰ মৃৎ শিল্পী সকলৰ ব্যস্ততা বঢ়া দেখা গৈছে। বিগত বছৰত ক’ৰণা মহামাৰীৰ বাবে বিশ্বকৰ্মা পূজা, দূৰ্গা পূজা সুচাৰুৰূপে উদযাপন কৰিব নোৱাৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এইবেলি পূজা অনুষ্ঠিত হ’ব বুলি সেউজ সংকেত দিয়াৰ পিছতে মুখলৈ হাঁহি ঘূৰি আহিছে মৃৎ খনিকৰ সকলৰ। চতিয়া সমষ্টিটো দুগুণ উৎসাহেৰে ব্যস্ত হৈ পৰিছে লক্ষ্মী পুজাৰ প্ৰতিমা নিৰ্মাণ কৰাত। তাৰ সমান্তৰালকৈ চতিয়াৰ প্ৰতিগৰাকী মৃৎ শিল্পী পূজাৰ বাবেও সাঁজু হৈ পৰিছে দশ ভূজাৰ প্ৰতিমা নিৰ্মাণ কৰাত।বিগত লগ ডাউনত জুৰুলা হোৱা মৃৎ শিল্পী সকল বিশেষ কৈ মৃৎ শিল্পকে জীৱিকা হিচাবে লোৱা সকলে কি কৰিব কেনেকৈ পৰিয়াল পোহপাল দিব সেই চিন্তাই জুৰুলা কৰিছিল যদিও শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ক`ভিড প্ৰটকল ৰক্ষা কৰি পূজা অনুষ্ঠিত কৰাৰ আহ্বান জনোৱাত অলপ হ’লেও সকাহ লাভ কৰিছে মৃৎ শিল্পী সকলে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই

Comments (0)
Add Comment