চতিয়াত নদুৱাৰ সংগীত বিদ্যাপীঠৰ উদ্যোগত বৰগীতৰ দহ দিনীয়া কৰ্মশালা

চতিয়াত নদুৱাৰ সংগীত বিদ্যাপীঠৰ উদ্যোগত বৰগীতৰ দহ দিনীয়া কৰ্মশালা

চতিয়াৰ নদুৱাৰ সংগীত বিদ্যাপীঠে জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ধ্ৰুপদী সংস্কৃতি বৰগীতক বিশ্বৰ দৰবাৰত প্ৰতিস্থিত কৰিবলৈ এক পদক্ষেপৰে কৰ্মশালাৰ অনুষ্ঠিত কৰিছে৷চতিয়াত নদুৱাৰ সংগীত বিদ্যাপীঠৰ উদ্যোগত নতুন দিল্লীস্থিত সংগীত নাটক একাডেমী আৰু সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ সহযোগত আজিৰেপৰা ১ আগষ্টলৈ দহ দিনীয়া বৰগীতৰ কৰ্মশালা অনুষ্ঠিত হ’ব৷
আজিৰেপৰা আৰম্ভ হোৱা বৰগীতৰ কৰ্মশালাৰ শুভ উদ্বোধন কৰে চতিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা নৃপেন শইকীয়া৷কৰ্মশালা অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচীত উন্মোচক প্ৰবক্তা নৃপেন শইকীয়াৰ লগতে আমন্ত্ৰিত প্ৰশিক্ষক বিজয় বায়নে বন্তি প্ৰজ্বলন কৰে ৷ বৰগীতৰ দহ দিনীয়া কৰ্মশালাত বৰপেটাৰ বিজয় বায়ন প্ৰশিক্ষক ৰূপে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব ৷ আজিৰপৰা চতিয়াৰ নদুৱাৰ সংগীত বিদ্যালয়ৰ প্ৰেক্ষাগৃহ বৰগীতৰ কৰ্মশালা অনুষ্ঠিত হৈছে ৷ ইতিমধ্যে দহদিনীয়া বৰগীতৰ কৰ্মশালাত শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment