চতিয়াত বিশ্বনাথ উশ্বু দলক চতিয়াৰ বিধায়কৰ উপস্থিতিত উষ্ম আদৰণি

চতিয়াত বিশ্বনাথ উশ্বু দলক চতিয়াৰ বিধায়কৰ উপস্থিতিত উষ্ম আদৰণি

চতিয়াত প্ৰেছ ক্লাৱৰ উদ্যোগত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত অসম যুৱ অলিম্পিক ২০২২ ত জিলিকি উঠিবলৈ সক্ষম হোৱা বিশ্বনাথ উশ্বুৰ খেলুৱৈসকল উষ্ম আদৰণি জনায়৷ কালি চতিয়া ৰেলৱে ষ্টেচনত দুপৰীয়া গুৱাহাটীৰ পৰা ৰেল যোগে নিজ গৃহলৈ উভতি অহা উশ্বু খেলুৱৈসকলক উষ্ম আদৰণি জনায় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা , জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈ , চতিয়া পৌৰসভা , চতিয়া আঞ্চলিক ছাত্ৰ সন্থা , চতিয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ৷ ইতিমধ্যে বিশ্বনাথ উশ্বুৰ ১৬ জনীয়া দলে অসম যুৱ অলিম্পিক ২০২২ ত অংশগ্ৰহণ কৰি ৩১ টাকৈ পদকৰ ভিতৰত ৯ টা সোণ , ১১ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জপদকৰে উশ্বু প্ৰতিযোগিতাত ২য় শ্ৰেষ্ঠ দল সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ এই সফলতাকলৈ বিশ্বনাথ উশ্বুৰ প্ৰশিক্ষক পদ্ম জায়ৰু যথেষ্ট উৎফুল্লিত৷আজিৰ অনুষ্ঠানত বিধায়কগৰাকী খেলুৱৈসকল ভৱিষ্যতে আৰু অধিক সফল হোৱাৰ আশা প্ৰকাশ কৰে ৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment